হৃদৰোগত আক্রান্ত বিধায়ক অখিল গগৈ

Pc ETV Bharat

হৃদৰোগত আক্রান্ত বিধায়ক অখিল গগৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ হৃদৰোগত আক্রান্ত। বুকুৰ বিষৰ বাবে যোৱা ২৮ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হোৱা বিধায়ক গগৈ ছুপ্রাভেন্টিকুলাৰ টেকিকার্ডিয়া ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ বাবে তেওঁ হৃদযন্ত্ৰৰ এটা অংশত ইলেক্ট্ৰ’নিক ৱাৰ্নৰ প্ৰয়োজন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনে অস্ত্ৰোপচাৰৰ ব্যৱস্থা নাই বাবে চিকিৎসকে তেওঁক অসমৰ বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দিয়ে।