হৃদয়ৰ কৰণিত তোমাৰ অনুভূতি
মন ফাগুনৰ ফুলনিত
গোপনে সিঁচিলা তুমি
মৰম নামৰ গোপন বীজ,
কলিজাটোত সংগোপনে ফুলিলাহি
হৈ এজোপা ৰক্তজবা,
লাহে লাহে বাঢ়ি যায়
মিলনৰ দুৰ্বাৰ হেঁপাহত
নিমিষতে গলি গলি
সাগৰ হব ধৰে মোৰ দেহৰ
তেজ ৰক্তকণা ।
ভুমিষ্ঠ হয় সুখময় পৃথিৱীৰ
যত প্রশান্তি
প্রগলভ হ’বধৰে
মন প্ৰাণ বিয়পি
শিৰে শিৰে ব’ব ধৰে
নিৰৱ অনুভূতি ,
মিঠা মিঠা ভাষাৰ লহৰ অভিলাসী
হাজাৰ উশাহত নিৰ্গত হয়
অমৃত ৰসৰ অমৰ অৰুন্ধতী ।
অনিল চন্দ্ৰ বণিয়া
নাৰায়ণপুৰ,লক্ষীমপুৰ