হৃদয়ৰ স্পন্দন – নাচিমা য়াচমিন

PC - Wallpaper Flare
হৃদয়ৰ স্পন্দন

 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

তুমিয়েই প্ৰেম, তুমিয়েই ভালপোৱা,
তুমিয়েই সপোন, তুমিয়েই দিথক,
তুমিয়েই গভীৰতা,
 তুমিয়েই দুৰ্বলতা,
তুমিয়েই শীতলতা,
তুমিয়েই ব্যাকুলতা ।
 তুমিয়েই মোৰ উপন্যাসৰ
এটি এটি বাক্যৰ  গাঁথনি।
তুমিয়েই মোৰ গল্পৰ
কল্পনাৰ মানু্হ জনা।
কবিতাৰ বিষয়বস্তুৰ
তুমিয়েই শিৰোনামা ।
মাথোঁ এটা কথাই জানো,
জীৱনটো তেতিয়ালৈকে হে
 মিঠা আৰু ধুনীয়া হৈ থাকিব,
যেতিয়ালৈকে তুমি মোৰ
কেৱল মোৰ হৈ থাকিবা,,,।
খং কৰা অভিমান কৰা একো কথা নাই
মাথোঁ একাজলি মৰম দি থাকিবা।
তোমাৰ হৃদয়ৰ মাজত
অলপ ঠাই দিবা।