হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি

ৰঙিলী বাৰ্ত্তসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিলে বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ।পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীক হাতত দিলে চৰকাৰী নিযুক্তি পত্ৰ।২২,৯৫৮টা পদত চৰকাৰী নিযুক্তি লাভ কৰিলে নিবনুৱাই। অসম চৰকাৰৰ মেগা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত গৃহ বিভাগত ৮,৮৬৭টা, প্ৰাথমিক শিক্ষা বিভাগত ৭,৪২২টা,মাধ্যমিক শিক্ষা বিভাগত ৩,৫১৭টা, উচ্চ শিক্ষা বিভাগত ১২৪টা,জনস্বাস্থ্য কাৰিকৰী বিভাগত ৩৩০টা,জলসম্পদ বিভাগত ১০৫টা,সমাজ কল্যাণ বিভাগত ৬৯টা, স্বাস্থ্য বিভাগত ২,৪১৯টা, কৃষি বিভাগত ৫৫ টা,পৰিৱেশ আৰু বন বিভাগত ২৩টা,লোক নিৰ্মাণ বিভাগত ৮ টা,খনি আৰু খনিজ পদাৰ্থ বিভাগত ২টা, শ্ৰমিক কল্যাণ বিভাগত ১৭ টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।