হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অধিক সক্ৰিয় হৈছে দুৰ্নীতি নিবাৰক শাখা

Pc Hindustan Times

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অধিক সক্ৰিয় হৈছে দুৰ্নীতি নিবাৰক শাখা

ৰঙিলী বাৰ্ত্তাসেৱা-  অধিক সক্ৰিয় হৈছে দুৰ্নীতি নিবাৰক শাখা।হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এতিয়ালৈকে ১৮ মাহত ৫৫টা গোচৰ ৰুজু হোৱাৰ লগতে ৬৩জনক গ্ৰেপ্তাৰ কৰা হৈছে।ইয়াৰে ৬১ গৰাকী চৰকাৰী চাকৰিয়াল আৰু ২টা দালাল।অসম আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰিছে এই তথ্য।পূৰ্বৰ বছৰৰ তুলনাত ২০২১-২২ বৰ্ষত আৰক্ষীৰ হাতত অধিক দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে।২০১৮ বৰ্ষত ১৮ টা গোচৰ ৰুজু হৈছিল আৰু ১৯ জন চৰকাৰী বিষয়া কৰ্মচাৰী আৰু ৩ গৰাকী মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছিল।২০১৯ বৰ্ষত ১৬ জনক,২০২০ বৰ্ষত ১৮ জনক,২০২১ বৰ্ষত ১৩ জন ঘোচখোৰ বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।