‘হিট এণ্ড ৰান’ কাৰ্যকাৰী হ’বনে – সুনম বিশ্বাস

PC - Acko

‘হিট এণ্ড ৰান’ কাৰ্যকাৰী হ’বনে

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

ভাৰতবৰ্ষ এখন গণতান্ত্রিক দেশ। জাতি, ধর্ম, ভাষা নিৰ্বিশেষে ইয়াত সকলোৱে ঐক্য ভাৱাপন্নৰে বসবাস কৰে। যিকোনো পৰিস্থিতিতেই  জনগণক সমঅধিকাৰ ভাৰতৰ সংবিধানে প্রদান কৰিছে। ইয়াত সকলো ক্ষেত্ৰতে নিৰপেক্ষভাৱে বিচাৰ কৰা হয়। সদ্যহতে ভাৰতৰ জন সাধাৰণৰ বাবে বিশেষ এক আইন প্রণয়ন কৰা হৈছে। সেয়া এতিয়া বহুল চর্চিত বিষয়। দেশ জুৰি হিট এণ্ড ৰানৰ উত্তাল ঢৌ।  বিশেষ এই আইন লাগু কৰাৰ ফলস্বৰূপে সমগ্র ভাৰবর্ষত এক উদ্বিগ্নময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ মধ্য প্ৰদেশ, উত্তৰ প্রদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, দিল্লী, বিহাৰ কিছু পৰিমাণে অসমকো চুই গৈছে। আটাইবোৰ ৰাজ্যৰ গাড়ী চালকসকল উদ্ৰাউল হৈ পৰিছে।  ৫ আৰু ৬ জানুৱাৰী তাৰিখে চৰকাৰ এই আইনৰ বিৰোধিতা কৰি চকা বন্ধ কৰি প্ৰতিবাদী কণ্ঠৰ  প্ৰমাণ দিলে।এই আইন অনুসৰি – গাড়ী চলোৱাৰ সময়ত যদি কোনো চালকে দুৰ্ঘটনাৰ মুখামুখি হয় আৰু তেনে পৰিস্থিতিত পলায়ন কৰে , যদিতে থিতাতে কাৰোবাৰ প্রাণ যায়,ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১০৪ কিছু পৰিৱর্তন কৰি তেতিয়া ১০ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ পর্যন্ত জৰিমনা ভৰিব লাগিব ।আৰু যদিহে নিজৰ মানৱতা অক্ষুণ্ণ ৰাখি, অন্তৰাত্মাৰ আৰ্তচিৎকাৰ  শুনি দূর্ঘটনা পতিত লোকক চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ;  তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰে লগতে স্থানীয় আৰক্ষী চকীৰ আনকি  আহত বা নিহত জনৰ পৰিয়ালক খবৰ দিয়ে, তেতিয়াহ’লে ৫ লাখ টকা জৰিমনা আৰু নিৰ্ধাৰিত দণ্ডনীয় সময়ৰ পৰা অর্ধাংশ বছৰ অর্থাৎ ৫ বছৰ কাৰাগাৰত কটয়াব লাগিব । চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে যেন চালকসকল একো একোজন  সফল, সচেতক চালক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিব।

ভাৰতীয় আইনীয় ধাৰাবোৰ কিছু পৰিৱৰ্তন  কৰা হৈছে। এতিয়া এই নৱ আইনে নিম্নোক্ত ধৰণে তাৎপর্য আগবঢ়ায় –
●ধাৰা 104(1)ত কোৱা হৈছে, যিয়েই নহওঁক অসাৱধানতাৰে বা ইচ্ছাকৃত অৱহেলা যাৰ ফলত ব্যক্তিজনৰ মৃত্যু হয় , ই হত্যাৰ শ্ৰেণীত নপৰে যদিও, তেওঁক  কাৰাবাসৰ শাস্তি দিয়া হ’ব যাৰ বাবে পাঁচ বছৰলৈকে  বঢ়াব পাৰিব  আৰু জৰিমনা ভৰিবলৈ দায়বদ্ধ হ’ব।
● ধাৰা 104(2)ত কোৱা হৈছে, যিয়েই অসাৱধানতাৰে, গাড়ী চলাই এজন ব্যক্তিৰ মৃত্যু ঘটায়, যিটো অপৰাধমূলক নৰহত্যাৰ শ্ৰেণীৰ অধীনত আহে যদিও হত্যাৰ সমান নহয় আৰু ঘটনাটো লগে লগে, এজন আৰক্ষী বিষয়া বা দণ্ডাধীশক নজনোৱাকৈ পলাই পত্রং দিয়ে  তেওঁক যিকোনো ম্যাদৰ কাৰাদণ্ডৰ শাস্তি বিহিব। যাক দহ বছৰলৈকে বঢ়াব পাৰি আৰু জৰিমনাও পৰিশোধ কৰিব লাগিব।

হিট এণ্ড ৰান এই নতুন আইনৰ আগত হিট এণ্ড ৰান কেছ বিশেষভাৱে শাস্তিযোগ্য বুলি গণ্য কৰা হোৱা নাছিল আৰু সেই সময়ত হিট এণ্ড ৰানৰ বাবে ধাৰা 279, 304এ আৰু 338 উদ্ধৃত কৰা হৈছে, চমুকৈ, ধাৰা 279 য়ে বেপৰোৱা গাড়ী চলোৱা আৰু শাস্তিৰ সংজ্ঞা প্ৰদান কৰে । ধাৰা 338-ত সেই ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা কৰা হৈছে যেতিয়া ভুক্তভোগীৰ মৃত্যু হোৱা নাই কিন্তু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, ইত্যাদি।

গতিকে, অৱশেষত আমি ক’ব পাৰো যে, যদিহে  চালকে আইন মানি জৰিমনা ভৰিব লগা হয় তেওঁৰ অৱস্থা যদি  পানীত হাঁহ নচৰা হয়, তেতিয়া কি হ’ব ?  তাৰোপৰি পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ লাখুটি হয়, তেওঁ যেতিয়া ১০  বছৰ কাৰাগাৰত কটয়াব লাগিব তেতিয়া তেওঁৰ পৰিয়ালৰ দায়িত্ব কোনে ল’ব ? কোনে দিব পত্নী সন্তানক নিৰাপত্তা ? কিছু ক্ষেত্রত যেন এই বিষয়েও  একান্তে ভাৱিবৰ অৱকাশ নাই নে?  চৰকাৰে সাহাৰ্যৰ হাতখন আগবঢ়াই দিলেও মৃত লোকৰ পৰিয়ালক আজীৱন এক বিষাক্ত কীটে কুটি কুটি খাব। হেৰুৱাৰ বেদনাই  পৰিয়ালক ছিন্নছাৰা কৰিব । গভীৰ সমবেদনাৰ পিছতো আপোনক হেৰুৱাই ভাঙি পৰিব।গতিকে, যোৱাজনতো গ’লেই, থকা কেইজনৰ বাবে চৰকাৰৰ পদক্ষেপ প্ৰসংশনীয়।আহক, কঠোৰ সাৱধনতা, আৰু সুৰক্ষাৰ কবচটো পিন্ধি নিজৰ লগতে আনৰ প্ৰাণৰ মূল্য বুজো। এখোজ সাৱধানতাৰ জৰীডাল মজবুত কৰি   ইতি পেলাও আহক আকস্মিক দুর্ঘটনাৰ  বেদনাদায়ক পৰিস্থিতিতিক।