হিকমতৰ নিলিখা কবিতাটো… – এ.আৰ ৰহমান

হিকমতৰ নিলিখা কবিতাটো…

এ.আৰ ৰহমান
ছাত্ৰ- বি.বৰুৱা কলেজ, গুৱাহাটী

প্ৰেয়সীয়ে নুবুজে ভোকৰ কবিতা
ভাতৰ কবিতা
স্বাধীনতাৰ কবিতা
ৰাষ্ট্ৰতন্ত্ৰৰ কবিতা
তথাপি, কবিতা শুনাব লাগে শুনাই আছোঁ
গাব লাগে গাই আছোঁ।

ঊনবিংশ শতিকাৰ হৃদয় লৈ
একৈশ শতিকাত জন্ম লোৱা মই একমাত্ৰ অকবি
আমেৰিকান গালিৰ উত্তৰ মই দিব নোৱাৰোঁ
হিটলাৰৰ গুলিৰে।

ডাৰউইনৰ ডায়েৰীটো এবাৰ পালে
এডপ্ত কৰিলোঁ হেঁতেন জাতিৰ বিৱৰ্তন,
হিকমতৰ কলমটো এবাৰ পোৱা হ’লে
লিখি দিলোঁহেঁতেন পৃথিৱী পৰিৱৰ্তনৰ নিয়ম।

মই জানোঁ, মোৰ আজিৰ কলম কাইলৈ থমকিব পাৰে
কোনোবা চাহাবৰ গোপন অৰ্ডাৰত,
তুমি কিন্তু হাত সাৱটি বহি নাথাকিবা
লিখি যাবা তেজৰ চিয়াঁহীৰে উত্তৰণৰ পথ।

মোৰ কবিতাৰ পংক্তিয়ে যদি উদং কৰে
কোনোবা চাহাবৰ ছিণ্ডিকেটৰ ভঁৰাল
মোৰ কবিতাই যদি উদঙাই দিয়ে
বগা পোছাকৰ ক’লা মুখ
কবিতাৰ অপৰাধত মোৰ হ’ব পাৰে কাৰাবাস
লগাব পাৰে ৰাষ্ট্ৰদ্ৰোহীৰ অপবাদ
তুমি কিন্তু বিশ্বাস নকৰিবা প্ৰেয়সী
ঊনবিংশ শতিকাৰ হৃদয় লৈ
একৈশ শতিকাত জন্ম লোৱা মই একমাত্ৰ অকবি
মই বাৰুদৰ উত্তৰ দিব নোৱাৰোঁ মেচিনগানেৰে।

যদি চহৰবোৰ মৰি থাকে উঁই পোকৰ দৰে
যদি কলমবোৰক হত্যা কৰা হয় অৰ্থৰ বাকচত
যদি দেশটোক কুটি কুটি খায় কোৰ্ট পিন্ধা নিগনিয়ে
তুমি দবাই দিবা তোমাৰ কলমৰ ট্ৰিগাৰ
তুমি বোৱাই আনিবা বিপ্লৱৰ জোৱাৰ।

তুমি লিখি থাকিবা তেজ আৰু মানুহৰ কবিতা
তুমি ঘূৰাই আনিবা শান্তিৰ বিশ্বায়ন
তুমি দি যাবা স্নিগ্ধ উশাহ আৰু পৰিৱৰ্তনৰ গান
যদিও কৰিব লগা হয় ৰক্তস্নান
যদিও কৰিব লগা হয় ৰক্তস্নান…।