হাতীগাঁৱৰ পুনৰ্নিৰ্মিত শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰ ৰাইজৰ বাবে মুকলি

Pc Google Play

হাতীগাঁৱৰ পুনৰ্নিৰ্মিত শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰ ৰাইজৰ বাবে মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথস্থিত শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰটো আজি ৰাইজৰ বাবে পুনৰ মুকলি কৰি দিয়া হয়। পুনৰ্নিমাণৰ কামৰ বাবে মন্দিৰটো বিগত কিছুদিন ধৰি বন্ধ ৰখা হৈছিল। মন্দিৰ উন্নয়ণ সমিতিৰ সভাপতি গিৰীশ পাঠক, সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস আৰু সহকাৰী সম্পাদকদ্বয় ধীৰাজ দাস আৰু সঞ্জীৱ কুমাৰ মেধিৰ তত্বাৱধানত ৰাইজৰ বিপুল সহযোগিতাত শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰটোৰ পুনৰ্নিৰ্মাণৰ‌ কাম সম্পন্ন কৰা হয়। ১৯৯২ চনতে স্থাপিত হোৱা শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰটোৰ ৩০ জুনত শোধন কাৰ্য সম্পন্ন কৰি স্থানীয় ৰাইজৰ উপস্থিতিত হোম যজ্ঞৰ আয়োজন কৰি আনুষ্ঠানিক ভাৱে মন্দিৰটো পুনৰ ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হয়।