হাতীখুলি চাহ বাগিছাৰ উদ্যোগত কাজিৰঙাত আৰম্ভ হৈছে চাহ পৰ্যটনৰ নতুন ব্যৱস্থা 

হাতীখুলি চাহ বাগিছাৰ উদ্যোগত কাজিৰঙাত আৰম্ভ হৈছে চাহ পৰ্যটনৰ নতুন ব্যৱস্থা 

মৃদুস্মিতা শৰ্মা,বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ পৰ্যটনত কাষৰীয় হাতীখুলি চাহ বাগিছাই আৰম্ভ কৰিছে চাহ পৰ্যটনৰ নতুন ব্যৱস্থা। ৮ ফেব্ৰুৱাৰীত কাজিৰঙালৈ অহা দেশী বিদেশী পর্যটৰ বাবে চাহ বাগিছা খনে আনুষ্ঠানিক ভাৱে চাহ পর্যটন আৰম্ভ কৰিছে । এই ব্যৱস্থাৰে পর্যটকে আগতীয়াকৈ বুকিং কৰি হাতীখুলি চাহ বাগিছাত চাহ উৎপাদন, প্রস্তুত, ইতিহাস আদিৰ দৰ্শন কৰি বুজ ল’ব পাৰিব। নতুন কৈ আৰম্ভ কৰা এই চাহ পৰ্যটনৰ ব্যৱস্থাৰে পৰ্যটকে হাতীখুলি চাহ বাগিছাই গাইডৰ জড়িয়তে বাগিছাখনৰ জৈৱিক পদ্ধতিৰে কৰা বাগিছাৰ চি টি চি আৰু অৰ্থডক্স চাহৰ উৎপাদন প্ৰক্ৰিয়া, চাহৰ সোৱাদ লোৱা আৰু সোৱাদ পৰীক্ষা প্রত্যক্ষ কৰা, চাহ বাগিছা পৰিদৰ্শন কৰা, বাগিছাখনত কৰা বগা আৰু কলা জালুকৰ উৎপাদনৰ লগতে বাগিছাখনৰ চাহ বিপনিত চাহৰ সোৱাদ লৈ ৰেহাই মুল্যত উৎকৃষ্ট মানৰ চাহ ক্ৰয় কৰিব পাৰিব। এমেলগেমেটেড প্লেনটেচন প্রাইভেট লিমিটেড কোম্পানীৰ হাতীখুলি চাহ বাগিছাই আৰম্ভ কৰা এই চাহ পৰ্যটন ৮ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ২ ঘন্টাৰ এই কাৰ্যসুচীৰ বাবে পর্যটকে আগতীয়াকৈ বুক কৰিব লাগিব বুলি হাতীখুলি চাহ বাগিছাৰ পৰিচালক মিত্রভানু দাসে জনাইছে।