হাজোত শিক্ষক প্ৰশিক্ষণৰ সামৰণি

হাজোত শিক্ষক প্ৰশিক্ষণৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অধীনত অনুষ্ঠিত পাঁচদিনীয়া শিক্ষক প্ৰশিক্ষণ শিবিৰৰ আজি বিয়লি সামৰণি পৰে। হাজো মনিকূট হাইস্কুল আৰু আদৰ্শ হাইস্কুল প্ৰাংগণত বুনিয়াদী স্বাক্ষৰতা আৰু সাংখ্যিকতাৰ (এফ এল এন) ওপৰত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত হাজো শিক্ষা খণ্ডৰ অধীনৰ বিভিন্ন বিদ্যালয়ৰ ৩২৩ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰে। পুৱা ৯ঃ৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত সমল ব্যাক্তি হিচাপে উপস্থিত থাকি দুলুমণি কলিতা ওজা ( জিলা পৰ্যায়ৰ), হীৰামণি বৈশ্য, অপ্সৰা তালুকদাৰ, মৌমিতা ভট্টাচার্য, প্ৰিয়ংকা দাস, মুকুট বড়ো, গুণীন দাস আৰু মেৰিকন বেগমে অডিঅ’ ভিজুৱেল পদ্ধতিৰে উপৰিউক্ত বিষয় সন্দৰ্ভত শিক্ষক- শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ দিয়ে। সামৰণি অনুষ্ঠানত হাজো শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া তাজিমুল হকে বক্তৃতা ৰাখাৰ লগতে টি এল এম পৰিদৰ্শন কৰে। বি আৰ পি দীনেশ কলিতা উপস্থিত থকা সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ হৈ শিক্ষক ইন্দ্ৰকান্ত বৈশ্যই এফ এল এনৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত দীঘলীয়া বক্তব্য ৰাখে।