হাচনাহানাৰ সুবাস
মানসী মিশ্ৰ
বাৰিষাৰ ৰাতিৰ এই সেমেকা উত্তাপত
নীলিম সাগৰৰ ঢৌবোৰে চৌদিশে বিচাৰিছে
তোমাৰ হৃদয়ৰ তপ্ত উশাহবোৰ, যাৰ প্ৰতিটো স্পন্দনত
মই বিচাৰি পাওঁ, মোৰ হৃদয়ৰ আপোন শব্দবোৰ
যি শব্দই আজিও পদুলি হাচনাহানাৰ তলত
দোভাগ নিশাও মালা গাঁঠিব খোজে
এদাল দীঘল মুকুতাৰ মালা
আৰু হাঁহিবও খোজে দেখোন
ঠিক তোমাৰ মিচিকিয়া হাঁহিটিৰ দৰেই…
তুমিয়েতো কোৱা নাছিলা জানো
এই হাঁহিটি তোমাৰ হৃদয়খনৰ দৰেই
সুধিছিলা তুমিয়েতো মোক
হৃদয়ৰ অৰ্থ আৰু সুধিছিলাতো
হৃদয়ৰ সংজ্ঞা
হয়তো কাৰোবাৰ বাবে হৃদয়
আকাশৰ উদাৰতা, কাৰোবাৰ বাবে
নীলিম সাগৰৰ বিশালতা
মোৰ বাবে হৃদয়ৰ নাম আশা
আৰু আশাৰ বুকুতেই অশ্ৰিতা
কেইটিমান সেউজীয়া শব্দ
আৰু হৃদয় মানে মোৰ বাবে-
সেই শব্দৰে গাঁঠি পেলোৱা
এটি দীঘল কবিতা, এটি দীঘল কবিতা