হয়, প্ৰেমৰ সম্পৰ্ক আছিল আমাৰ কিন্তু বিচ্ছেদো হৈছিলঃশংকৰজ্যোতি বৰুৱা

হয়, প্ৰেমৰ সম্পৰ্ক আছিল আমাৰ কিন্তু বিচ্ছেদো হৈছিলঃশংকৰজ্যোতি বৰুৱা

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰ্তকক লৈ অৱশেষত মুখ খুলিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে যুৱতীগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰি কয় যে,‘অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ সৈতে মোৰ প্ৰেমৰ সম্পৰ্ক থকাটো সচাঁ।‘‘যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই অকপটে স্বীকাৰ কৰিছো ৷ প্ৰেমৰ সম্পৰ্ক থকাটো কোনো অপৰাধ নহয় ৷ ২০২১ চনত যুৱতীগৰাকীৰ সৈতে মই চিনাকি হৈছিলো ৷ যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ৷ সেই সংঘাত লাহে লাহে বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে যোৱা ছমাহ ধৰি তেওঁৰ সৈতে মোৰ কোনো যোগাযোগ নাই ৷ তেওঁ কোৱাৰ দৰে মোৰ ঘৰৰ মানুহৰ সৈতে কথা পতাৰ কথা, আটাইখিনি কথাই সত্য ৷ বিষয়টোৰ পৰা আঁতৰি অহা হৈছিল ৷ কিন্তু এই ৬মাহ পাৰ হৈ যোৱাৰ পাছত কিয় মোৰ ওপৰত এনে অভিযোগ উত্থাপন কৰা হল, সেইটোহে মোৰ বাবে প্ৰশ্নবোধক হৈ ৰব।’সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে, তেওঁ মোৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ সত্য নহয়। অৱশ্যে এটা কথা ঠিক যে, আমি প্ৰেমৰ সম্পৰ্কত থাকোতে যি মধুৰ সময় পাৰ কৰিছো, সেই সময়ক খিনিক মই আজিও শ্ৰদ্ধা কৰো। কিন্তু কিছুমান ব্যক্তিগত বিষয় ব্যক্তিগত হৈ থকাতোৱে ভাল, ব্যক্তিগত বিষয় কিছুমানক ৰাজহুৱা কৰাৰ মানসিকতা মোৰ নাই। আনফালে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰাৰ কথাও সংবাদমেলত সদৰি কৰে আৰু আগন্তুক সময়ত আদালতে সকলো সত্যাসত্য নিৰ্ধাৰণ কৰিব বুলিও কয় শংকৰজ্যোতি বৰুৱাই।যুৱতীগৰাকীয়ে উত্থাপন কৰা মতে, শংকৰজ্যোতি বৰুৱাৰ ওচৰত সচাঁকৈয়ে পিষ্টল আছে নেকি এই প্ৰশ্নৰ সন্দৰ্ভতো স্পষ্ট উত্তৰ দিয়ে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে। তেওঁ কয় যে, মই আজি লৈকে কোনো মাৰণাস্ত্ৰ চুয়ে পোৱা নাই। গতিকে এনে অভিযোগ কিয় উত্থাপন কৰিলে মই নাজানো। এই সন্দৰ্ভত আৰক্ষীয়ে যদি মোৰ ঘৰতো তালাচী চলায় তেন্তে সকলো কথা ওলাই পৰিব। কিন্তু মই এটা কথা স্পষ্ট কৰি দিও যে, অভিযুক্তই মোৰ ওপৰত যি টি অভিযোগ উত্থাপন কৰিব পাৰে। কিন্তু ইয়াৰ সত্যাসত্য আদালতে নিৰূপণ কৰিব। আছুৰ সাধাৰণ সম্পাদকৰ পদ এতিয়া এৰি দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰো শংকৰজ্যোতি বৰুৱাই প্ৰদান কৰে। তেওঁ কয়- এতিয়ালৈকে মই তেনে কোনো আলোচনা কৰা নাই। এই কেইদিন মই ন্যায়ালয়ৰ কিছু কামতে ব্যস্ত আছিলো। আছু যিহেতু গণতান্ত্ৰিকভাৱে চলা দল,গতিকে ইয়াৰ ওপৰতো সংগঠনে যি ৰায় প্ৰদান কৰে মই নিশ্চিতভাৱে মূৰ পাতি লম। এই সিদ্ধান্ত পাছৰ সময়ত স্পষ্ট হব।’ শংকৰজ্যোতি বৰুৱাই লগতে কয়, ‘‘অভিযোগখিনি অনাৰ পিছত সামাজিক মাধ্যমত মানুহে যিখিনি কথা কৈছে, সামাজিকভাৱে মোৰ যিখিনি ক্ষতি হৈছে, তাক লৈ মই যথেষ্ট চিন্তিত হৈছো ৷ মই মানসিকভাৱে ভাগি পৰিছো ৷ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ পিছতো মই এগৰাকী মানুহ ৷ মোৰ আৱেগ আছে ৷ মোৰ অভিভাৱক হিচাবে কেৱল মা আছে ৷ মোৰ মা মানসিকভাৱে ভাগি পৰিছে ৷ মই মোৰ মাক লৈ চিন্তিত ৷ যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে, সেই যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও মই চিন্তিত হৈ আছো ৷’’