সৰ্বানন্দ সোণোৱালক শুভেচ্ছা প্ৰদান ৰাজ্যিক বিজেপিৰ

সৰ্বানন্দ সোণোৱালক শুভেচ্ছা প্ৰদান ৰাজ্যিক বিজেপিৰ

নয়নজ্যোতি তালুকদাৰ,গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় জনতা পাৰ্টি সংসদীয় বৰ্ড আৰু নিৰ্বাচনী সমিতিৰ সদস্য হিচাপে মনোনীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনোৱা জ্ঞাতাৰ্থে ৰাজ্যিক বিজেপিৰ উদ্যোগত মহানগৰীৰ মাছখোৱাস্থিত আই টি এ প্ৰকল্পত সম্বৰ্দ্ধনা অনুষ্ঠান আয়োজিত হৈ যায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সম্বৰ্দ্ধনা জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, সৰ্বানন্দ সোনোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ যুটীয়া নেতৃত্বত অসমত পোন প্ৰথমবাৰৰ বাবে অকংগ্ৰেছী চৰকাৰ গঠন হৈছে। তেখেতে অত্যন্ত সাহস আৰু দক্ষতাৰে অসম খনক উন্নয়নৰ পোছাক পিন্ধাই থৈ গৈছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ নেতৃত্বত অসম ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অধিক আগুৱাই যাব বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰী কলিতাই লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বোচ্চ সমিতিত স্থান দিয়াৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক ধন্যবাদ জনায়। সভাত দলৰ কাৰ্যকৰ্তাৰ অভিবাদন গ্ৰহণ কৰি শ্ৰী সোনোৱালে কয়,দলৰ কাৰ্যকৰ্তা সকলে কৰা কঠোৰ শ্ৰমৰ বাবে ৰাষ্ট্ৰীয় সমিতিয়ে তেখেতক এই গধূৰ দায়িত্ব প্ৰদান কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই সফলতাক তেখেতে সমগ্ৰ ৰাজ্যিক বিজেপিৰ সফলতা বুলি অভিহিত কৰি ভাৰতীয় চনৰ প্ৰতিষ্ঠা কালৰে পৰা দলৰ হৈ কাম কৰা সকলোকে শ্ৰদ্ধা জনাইছে। তেওঁ কয়, ভাৰতীয় জনতা পাৰ্টি দেশ সেৱা কৰিবৰ বাবে গঠন হৈছে। ই নিস্বাৰ্থ ভাৱে জন্ম লগ্নৰে পৰা ভাৰত মাতৃৰ সুৰক্ষাৰ বাবে সেৱা আগবঢ়াই আহিছে। আনহাতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে দলৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞপন কৰে। তেখেতে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ শাসনত অসমে এতিয়া বুকু ফিন্দাই থাকিব পাৰে, অসমীয়াই এতিয়া আকাশ চুবৰ চিন্তা কৰিব পাৰে। অসমৰ জনতাই বিজেপিক সহযোগ কৰিছে সেয়ে চৰকাৰৰ কোনো কথাই যাতে জাতিটোক দুঃখ নিদিয়ে তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেত সদা সষ্টম থাকিব বুলি মত পোষণ কৰে। এই সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক শুভেচ্ছা জনাই বক্তব্য প্ৰদান কৰে। ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক দিপ্লো ৰঞ্জন শৰ্মাই আঁত ধৰা আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিমল শুক্লবৈদ্য, ৰণোজ পেগু, চন্দ্ৰ মোহন পাটোৱাৰী, দলৰ উপ সভপতি জয়ন্ত দাস, ৰেখাৰাণী দাস বড়ো, নৱ কুমাৰ দলে, ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, লোক সভাৰ হৰেণ সিং ৱে, তপন কুমাৰ গগৈ, প্ৰাক্তন ৰাজ্যিক সভাপতিদ্বয় ৰাজেন গোঁহাই আৰু ৰমেন ডেকা,মেয়ৰ মৃগেন শৰণীয়া, উপ মেয়ৰ স্মিতা ৰয় দাস, বিজেপি, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাসৰ লগতে দলৰ কাৰ্যকৰ্তা সকল উপস্থিত আছিল।