অনলাইন বাৰ্ত্তাসেৱা- কৰণাকালত সৰ্বকালৰ ইতিহাস ভংগ কৰি পেট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে দেশৰ কেইবাখনো ৰাজ্যই। অসমৰ ৰাজ্যৰ আটাই কেইখন জিলাত পেট্ৰলৰ মূল্য নব্বৈৰ ঘৰ অতিক্ৰম কৰাৰ পৰিৱৰ্তে লখিমপুৰ জিলাৰ ঢকুৱাখানাত বৃহস্পতিবাৰে পেট্ৰলৰ মূল্যই ১০০ টকাৰ অতিক্ৰম কৰিছিল লগতে বৰাক উপত্যকাৰ কৰিমগঞ্জতো শতকৰ ঘৰ অতিক্ৰম কৰিছে পেট্ৰলৰ মূল্যই । দেশৰ ১৫ খন ৰাজ্যত বৰ্তমান ১০০ টকাৰ ওপৰত বিক্ৰী হৈছে পেট্ৰল, সমানে সমানে বৃদ্ধি হৈছে ডিজেলৰ মূল্য। দেশৰ ৰাজধানীত শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল ত ১০১.৫৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.৮৭ টকা হৈছে।মুম্বাইত, এক লিটাৰ পেট্ৰ’লৰ মূল্য ১০৭.৫৪ টকা আৰু এক লিটাৰ ডিজেলৰ মূল্য ৯৭.৪৫ টকা। কলকাতাত পেট্ৰ’ল ৰ মূল্য প্ৰতি লিটাৰত ১০১.৭৪ টকা ,একেদৰে চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০২.২৩ টকা আৰু ডিজেল প্ৰতি লিটাৰ ৯৪.৩৯ টকাত বিক্ৰী হৈ আছে। ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, উৰিষ্যা, তামিলনাডু, কেৰালা, বিহাৰ আৰু পঞ্জাৱকে ধৰি ১৫ খন ৰাজ্যত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০০ টকালৈ বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ কিছু কিছু জিলাত পেট্ৰ’লৰ মূল্যই শতৰক ঘৰ পাৰ কৰাৰ পৰিৱৰ্তে ৰাজস্থান, উৰিষ্যা আৰু মধ্য প্ৰদেশৰ কিছুমান ঠাইত প্ৰতি লিটাৰ ডিজেলৰ মূল্যই ১০০ টকা অতিক্ৰম কৰিছে ।
সৰ্বকালৰ ইতিহাস ভংগ কৰি পেট্ৰলৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে
