‘সৰ্বকলা বিশাৰদ বিষ্ণুপ্ৰসাদ ৰাভা’ উন্মোচন

‘সৰ্বকলা বিশাৰদ বিষ্ণুপ্ৰসাদ ৰাভা’ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ক’লে:  অসমীয়াই জীৱিতকালত বিষ্ণু ৰাভাক উপযুক্ত সন্মান প্ৰদান কৰিব নেজানিলে
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথিতযশা সাহিত্যিক, মিতভাষৰ স্ৰষ্টা, সাহিত্য একাডেমি ফেল’ ড॰ নগেন শইকীয়াই  তেখেতৰ নিজা পুথিভঁৰাল ‘বৰ্ণমালা’ত শিৱসাগৰৰ বিশিষ্ট লেখক, সমাজকৰ্মী অনন্ত ফুকনৰ “সৰ্বকলা বিশাৰদ বিষ্ণুপ্ৰসাদ ৰাভা”-শীৰ্ষক এখনি সম্পাদিত গ্ৰন্থ উন্মোচন কৰে৷ উন্মোচনী ভাষণত সাহিত্যিক গৰাকীয়ে কয় যে অসমত নেথাকি যদি বিষ্ণুপ্ৰসাদ ৰাভা পশ্চিমবংগত থাকিললেহেতেন তেন্তে জীৱিত কালত অধিক সন্মান লাভ কৰিলে হয়৷ কিন্তু অসমীয়াই জীৱিত কালত ৰাভাক উপযুক্ত সন্মান প্ৰদান কৰিব নেজানিলে৷ ৰাভাৰ গীত-নৃত্যকে ধৰি বিভিন্ন দিশৰ অগাধ পাণ্ডিত্য আৰু জীৱন-দৰ্শনৰ কথা উল্লেখ কৰি ভাষণত তেওঁ আৰু কয় যে অসমত শংকৰ-মাধৱ, জ্যোতিপ্ৰসাদৰ পিছতেই বিশেষ ব্যক্তি হিচাপে স্থান দিব পাৰি বিষ্ণুপ্ৰসাদ ৰাভাক৷ প্ৰয়াত ভূপেন হাজৰিকাৰ দৰে সংগীত শিল্পীৰো গুৰু আছিল বিষ্ণুপ্ৰসাদ ৰাভা৷ বিংশ শতিকাৰ প্ৰায় দুটা দশকৰ ভিতৰত জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকাৰ দৰে সংগীতজ্ঞই অসমীয়া সংগীতক এক নতুন গতি প্ৰদান কৰিছিল৷ তেওঁ ধনাঢ্য পৰিয়ালত জন্মগ্ৰহণ কৰিও সকলো সম্পত্তি জনজীৱনৰ  হকে দান কৰিছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰিছিল৷ সমান্তৰালকৈ তেওঁ সংগীত-নৃত্য আদিৰ চৰ্চা কৰিছিল আৰু ইয়াক নতুন মাত্ৰা প্ৰদান কৰিছিল৷ যোৰহাট জে.বি. কলেজত এবাৰ ৰাভা আহোঁতে অসমীয়া ভাষাৰ আঁতিগুৰি সম্পৰ্কে প্ৰদান কৰা তথ্যসমৃদ্ধ আৰু ৰসাল বক্তৃতাৰ কথা সদৰি কৰি পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ তৰফৰ পৰা তেজপুৰৰ ৰাভাৰ বাসগৃহলৈ গৈ কৰা সাক্ষাৎকালত শংকৰ-মাধৱৰ একত্ৰ ছবিৰ লগতে অন্যান্য বহু ছবি ৰাভাই নিজে দেখুওৱাৰ কথাও স্মৰণ কৰে শইকীয়াই ৷ ড॰ শইকীয়াই নতুন দৃষ্টিৰে অধিকাংশ নতুন লেখক-লেখিকাই অতি শেহতীয়াকৈ লেখা এই গ্ৰন্থখনি স্মৰণীয় হ’ব বুলি উল্লেখ কৰি ইয়াৰ নিবন্ধসমূহৰ শলাগ লয় আৰু গ্ৰন্থখনে পাঠকৰ সমাদৰ লাভ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে৷ শিৱসাগৰৰ বীৰ লাচিত বৰফুকন কলেজৰ অধ্যাপক, লেখক ড॰ সীমান্ত বৰুৱাই আঁতধৰা অনুষ্ঠানত উপস্থিত থাকিঅসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ আসন অলংকৃত কৰা অধ্যাপক ড০ নগেন শইকীয়া সাৰস্বত ন্যাস পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড॰ কন্দৰ্প কুমাৰ ডেকাই ৰাভাৰ বিষয়ে নতুনকৈ এই গ্ৰন্থখনি প্ৰকাশ কৰি এক মহৎ কাৰ্য সম্পাদন কৰিছে বুলি উল্লেখ কৰি শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড॰ পল্লৱী ডেকা বুজৰবৰুৱায়ো তেওঁৰ বক্তব্যত এই গ্ৰন্থখনি বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কত নতুন শিকাৰুৰ গৱেষণাৰ বাবে সহায়ক হ’ব আৰু ৰাভাৰ সম্পৰ্কত নতুন নতুন সঁচা দিশবোৰ উন্মোচিত হ’ব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত উপস্থিত থকা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ফৰেষ্টি বিভাগৰ অধ্যাপক ড॰ ময়ুৰ ফুকন, শিৱসাগৰ ছোৱালী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ কিশোৰ কুমাৰ দেউৰী, শিৱসাগৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক মনোজ কুমাৰ গগৈ, আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ সৌৰভ দুৱৰায়ো শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ সাহিত্যিক গৰাকীৰ সহধৰ্মিণী লাৱণ্য বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহযোগী অধ্যাপক ড॰ যাদৱ বৰাও উপস্থিত থকা অনুষ্ঠানত সাৰস্বত ন্যাসৰ প্ৰচাৰ সচিব ৰতন হাজৰিকাই সাৰস্বত ন্যাসৰ কাম-কাজ আৰু ড॰ শইকীয়াৰ জীৱন-কৃতী সম্পৰ্কে চমুকৈ আলোকপাত কৰাৰ লগতে ন্যাসৰ তৰফৰ পৰা শলাগ জ্ঞাপন কৰে৷