সৰি পৰা সপোন
লোহিত মানিকীয়াল
ডিব্ৰুগড়
ছলনাৰ মায়াবৃত্তত আৱদ্ধ হৈ
মিছা প্ৰণয়ক আলিংগন কৰি
হেৰাই গৈছিলো এখনি অচিন জগতত,
য’ত বিয়পি আছিল অলেখ আহ্লাদৰ ঔজ্বল্য।
এয়া জানো আছিল বাস্তৱ?
দুচকুৰ পৰা যেতিয়া আঁতৰিল মায়াৰ অৱগুণ্ঠন,
তেতিয়া চিনিলো সেয়া যে আছিল এমুঠি মৰীচিকা।
যি মৰীচিকাক লৈয়ে
বুকুৰ ভিতৰত গজি উঠিছিল অলেখ সপোন ।
যেতিয়া খুলিল সত্যৰ গবাক্ষ
তেতিয়াই উৰা মাৰিল সমস্ত ছলনাময়ী প্ৰণয় ,
আৰু দুচকুৰ বিষাদৰ বন্যাতেই
জাহ গ’ল সকলো অভিলাষ,
লগতে মুঠি মুঠিকৈ সৰি পৰিল সকলো সপোন।
এয়া যে এটি তীক্ত অতীত!
সেই সৰি পৰা সপোনৰ কথাই
বুকুত বিষাদৰ প্লাৱন বোৱাই
বিভাৱৰীৰ গভীৰ তমসাত।