সৰাপাতৰ মধুৰ  অনুভৱ – সুনম বিশ্বাস

সৰাপাতৰ মধুৰ  অনুভৱ

   সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

একে উশাহে কবলৈ গ’লে, তৃষ্ণাতুৰ লোকৰ পিয়াহৰ  সমুদ্র সৰাপাত, ভোকাতুৰৰ অন্ন, নিঃসংগতাৰ চিৰসংগী, বন্ধ্যাৰ কোল উজ্জ্বল কৰা আলোক,  বৃদ্ধ পিতৃ-মাতৃৰ ভৰসাৰ লাখুটি, অন্ধৰ  পথৰ খুঁটি, পংগুৰ পেং, বোবাৰ ইংগিতৰ দলিচা সৰাপাত । মৌনতাৰ পাৰ ভাঙি আপোন ভাৱত ভুবন ভোল যোৱা এক সংগীতৰ তান সৰাপাত । সীমাহীন সুখৰ লগৰী সৰাপাত। হেৰাই যোৱা  সপোনৰ বীজে গজালি মেলে  সৰাপাতত। চুটি-চুটি বাক্যৰে, মনত লাগি যোৱাকৈ,  দ’ কৈ লগাকৈ শব্দৰ অতুলনীয় প্রয়োগ। চিত্ৰকল্পৰ সঠিক চিত্রায়ন । ভাৱৰ নিখুঁত সৌন্দর্যই হৃদয় চুই যায়। সৰাপাত এখন জীয়া দলিল। সোণ-মুকুতাৰ খনি । এটা এটা  বাক্যত গোটেই জীৱনৰ বাস্তৱতা, প্রত্যেকৰে  জীৱনত কিছুমান  কথা কাহানিও ফুটাই ক’ব নোৱাৰা কথাৰ  আত্মজীৱনী। খুব স্পষ্ট আৰু মনোগ্রাহীকৈ লেখকৰ ভাৱ ফুটাই তোলা গুণে সৰাপাত যেন সৰি পৰিও সকলোৰে হৃদয়ত কুঁহিপাত মেলাৰ দৰে স্থান পাইছে। পাঠক সমাজে সহৃদয়ে আঁকোৱালি লৈছে।যিটো শাৰীয়েই পঢ়া যায়, এনে ভাৱ হয়,  যেন আপোন জীৱনৰ সুখ-দুখ ,অনুভৱৰ মোনাখন উদঙাই দিয়া হৈছে লেখকৰ আগত। এটা এটা শব্দ দৈনন্দিন
জীৱনত ঘটা ঘটনা আধাৰিত। সোণ নিজে যিমান বেছি গলে তাৰ উজ্জ্বলতা আৰু তাক   মনোহাৰী  আকৃতিৰ ৰূপত  গঢ় দিব পৰা যায়। লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোৱাৰ দৰে, – “প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ ।”  তদ্রূপ সৰাপাত খন নিচেই সৰু কিন্তু সর্বকালৰ হীৰা-মুকুতা খোদিত এক বিশাল জীৱন গাথা । কি নাই তাত? ক্ষুদ্রাতি ক্ষুদ্র অণু-পৰমাণুৰ পৰা আদি কৰি জীৱনৰ প্রত্যেকটা দিশ পূর্ণিমাৰ জোনৰ দৰে  জিলিকিছে, জাকত জিলিকা। সৰাপাতৰ দুখবোৰে মুখ লুকাবলৈ যেন ঠাই বিচাৰি  হাবাথুৰি খাইছে। সৰাপাতৰ নিৰ্জীৱ শিলেও শুনাই জীৱন্ত কাহিনী, কথা কয়, বুকুখন কঁপাই দিব পৰা অসাধাৰণ শক্তি আছে সৰাপাতৰ শিলৰ। নিজক বিচৰা, আপোন- পৰ,  বিচ্ছেদ, ভালপোৱা, বন্ধুত্ব, অকলশৰীয়া, উপহাৰ, অভিশাপ, নৈ, পাহাৰ, ৰ’দ, বতাহ  কি নাই সৰাপাতত ? সকলোবোৰ জীৱন্ত । সৰাপাতৰ দুখবোৰ যেন মৰম আকলুৱা । পঢ়িলেই  হৃদয়ৰ খিড়িকীখন খুলি মৰমেৰে আঁকোৱালি লবলৈ মন যায়। মৰম, অভিমানবোৰ অক্সিজেনৰ দৰে প্রত্যেক উশাহে-উশাহে গিলি অন্তৰখনত সংৰক্ষণ কৰিব পৰা । সৰাপাতক হৃদযৰ নিভৃত কোণত সযতনেৰে  ৰাখিম নিজেই  তলসৰা পাত নোহোৱালৈকে! আপনালোকে বাৰু সৰাপাত তুলি ল’লেনে? ন’ললে ল’ব। চাব এবাৰ লোৱাৰ পিছত, উশাই বন্ধ হৈ যাব তথাপি নিশাহ পেলোৱাৰ সময় নাপাব, পঢ়ি  শেষ  নকৰালৈকে। এক নিচাত বিলীন হৈ যাব । যি নিচা মোৰ লাগিছিল।  অৰ্ডাৰ কৰাৰ এমাহ পিছত অধীৰ অপেক্ষাৰ অন্তত  যেতিয়া সৰাপাত হাতত পৰিছিল,  একে উশাহে পঢ়ি শেষ নকৰালৈকে শান্তি পোৱা  নাছিলোঁ ।এইফালে কুটি কুটি কৈ কাটি যে পাচলিকেইটা কেৰাহীৰ বুকুত মোৰ হাতৰ স্পর্শৰ অপেক্ষাত  ৰৈ ৰৈ , পানী নাপাই  অৱশেষত  পুৰি ছাই লৈ  পৰিণত হ’ল । মই গমেই পোৱা নাছিলো , সৰাপাতৰ নিচাত  মগ্ন আছিলো ।   নিৰ্লজ মলয়াই যেতিয়া সেই পুৰাৰ  ঘ্রাণ নাকত খুন্দিয়াই দিলে তেতিয়াই  তত আহিল গাত । মই যে ৰান্ধনি তেতিয়াৰ ।  ততাতৈয়া কৈ সেইবোৰ চাফা কৰি , পুনৰাই গভীৰ নিশা ৰান্ধি বাঢ়ি খাই শুই পৰিলো।  গতিকে আপোনালোকেও বিনাদ্বীধাই তুলি ল’বছোন সৰাপাতক। সংজ্ঞান হেৰাই নোযোৱাকৈ যদি থাকিব পাৰে , জনাব অনুভৱ ।গতিকে, আমি ক’ব পাৰো যে, এনেকৈ  যাদুকৰী ভাষাৰে, শব্দ গাঁঠনিৰ উপযুক্ত প্রয়োগেৰে যদি  সৰি যোৱা পাতৰ কাহিনীবোৰ লিখা হয়, জী উঠিব কৌশিক দাৰ হাতৰ পৰশত। স্পন্দিত কলমৰ  গতিত মুখৰিত কৰিব ত্রিজগত। সতী সাবিত্রীয়ে নিজৰ সতীত্বৰ বলত মৃত স্বামীৰ প্রাণ ঘুৰাই অনাৰ দৰেই  সৰাপাতৰ লেখকৰ হাতত এক অমোধ শক্তি আছে। যি শক্তিৰে জী উঠাব পাৰে জীৱন যুঁজত  হাৰি যোৱা মৃতপায় লোকক। হনুমানে সঞ্জীৱনী বনস্পতি অনাৰ দৰে নিঠৰুৱা, সৰ্বস্বান্ত  পথিকৰ জীৱনৰ চিৰসঞ্জীৱনী  সৰাপাত। এনেকৈ আৰু হৃদয় জুৰ পৰা লেখা আকোঁৱালি ল’বলৈ আমি আশাবাদী।জী থাকক সৰাপাত প্ৰত্যেকজন পাঠকৰ অন্তৰত চিৰকাল।