সৰস্বতী পূজা
পৌৰাণিক আখ্যান অনুসৰি জানিব পাৰি যে – সৰস্বতী দেৱীক শ্ৰী হৰি বিষ্ণুৰ নিদেৰ্শত ব্ৰহ্মাই সৃষ্টি কৰিছিল। সৰস্বতী কেৱল বিদ্যাৰে নহয়। সকলোবোৰ কলাৰে অধিষ্ঠাত্ৰী দেৱী । সৰস্বতীয়ে আমাক বাগ্শক্তি অৰ্থাৎ কথা ক’ব পৰা শক্তি প্ৰদান কৰিছে । বিদ্যাৰ লগত জড়িত থকাৰ বাবে সৰস্বতী পূজা বিদ্যালয়ৰ এটা উল্লেখযোগ্য উৎসৱ। সৰস্বতীক বাগ্দেৱী, বীণাপাণি আদি নামেৰে জনা যায়। ঋক্বেদত সৰস্বতীক বাগ্দেৱী বুলি অভিহিত কৰিছে। আমি যদি সৰস্বতীৰ প্ৰতিমূৰ্তি বা ফটো খন লক্ষ্য কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে সৰস্বতীৰ হাতত বীণা আৰু কিতাপ থাকে। আৰু এখন হাতেৰে জপ কৰি থকা দেখিবলৈ পাওঁ। বস্ত্ৰ শুভ্ৰ আৰু বাহন বগা ৰাজহাঁহ। যি সাত্ৰিক আৰু গুণধৰ্ম সূচক ।সৰস্বতী পূজা মাঘমাহৰ শুক্লা পঞ্চমীত পতা হয়। সেইকাৰণে এই তিথিক বসন্ত পঞ্চমী বুলিও কোৱা হয়। শিক্ষা জৰিয়তে সমাজৰ পৰা অন্ধবিশ্বাস , অজ্ঞানতাক দূৰ কৰা হয়। সেইকাৰণে শিক্ষা গ্ৰহণ কৰাৰ আগত সৰস্বতীক বন্দনা আৰু স্তোত্ৰপাঠ কৰা কৰা হয়। ইয়াকে সৰস্বতী পূজা বুলি কোৱা হয়।
সংযুক্তা দত্ত
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।