সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত ৰঙালী বিহু উদযাপন

সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত ৰঙালী বিহু উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  বিগত ক’ভিড পৰিস্থিতিৰ বিৰতিৰ পাছত অসমীয়া বাপতিসাহোন ৰঙালী বিহু সৰলা বিৰলা জ্ঞান জ্যোতি বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰী তথা শিক্ষক -শিক্ষয়িত্ৰীবৃন্দই উলহ- মালহেৰে উদযাপন কৰে।  এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে  হুঁচৰি , বিহু গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। তদুপৰি শিক্ষয়িত্ৰীসকলৰ জেং বিহু পৰিৱেশন অনুষ্ঠানটোৰ এক মুখ্য আকৰ্ষণ আছিল। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ অধ্যক্ষ ড০ দিগন্ত হালদাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ক’ভিড মুক্ত পৰিস্থিতিৰ পাছত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল পুনৰ  উৎসাহেৰে আহি  অধ্যয়নত মনোযোগ দিয়ে তাৰ বাবে ৰঙৰ উৎসৱ ৰঙালী বিহুৰ আয়োজনৰ লক্ষ্য বুলি তেওঁৰ চমু মন্তব্যত উল্লেখ কৰে। ছাত্ৰ-ছাত্ৰীসকলক সু-স্বাস্থ্য কামনাৰে আশীৰ্বাদ দিয়ে আৰু কলা -সংস্কৃতিৰ বিষয়ে চাক্ষুষ জ্ঞান দিবলৈ এই পদক্ষেপ আগবঢ়ায় বুলি বিদ্যালয়ৰ অধ্যক্ষ ড০ দিগন্ত হালদাৰে জানিবলৈ দিয়ে।