সৰভোগত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

Pc Deccan Herald

সৰভোগত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- বৰপেটা জিলাৰ সৰভোগত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা।কন্যাৰ জোৰোণৰ নিশাই মৃত্যুক আঁকোৱালি ল’লে কইনাৰ পিতৃয়ে। বিবাহৰ ৰভাস্থলীত আয়তিৰ উৰুলিৰ পৰিৱৰ্তে, আপোজনক হেৰুওৱাই আত্মীয়ৰ কান্দোনৰ ৰোল। এক বুজাব নোৱাৰা মৰ্মান্তিক ঘটনা। সৰভোগৰ নিজ দমকাৰ অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্র উপাৰ্জন কাৰী শান্তি দাস নামৰ ব্যক্তিজনে সৰভোগ বজাৰৰ এটি সৰু কোঠাত লোকৰ কাপোৰ ইষ্ট্ৰী কৰি পোৱা টকা কেইটাৰে কোনোমতে চলাইছিল সংসাৰ। আজি  শান্তি দাসৰ কন্যা নিশিতা দাসৰ আছিল শুভ বিবাহৰ দিন। দুখীয়া পৰিয়ালটোৱে আত্মীয়-কুটুম্বৰ পৰা সহায় লৈ কোনোমতে বিয়াৰ আয়োজন কৰিছিল। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস। কালি নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্জল বর্মনে জোৰণ দি যোৱাৰ পিছতে নিশা অসুস্থ হৈ পৰে কইনাৰ দেউতাক শান্তি দাস। পৰিয়ালে নিশাই সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎকে বৰপেটা মেডিকেল কলেজ হাস্পিটাললৈ প্ৰেৰণ কৰে। কিন্তু বৰপেটা মেডিকেল কলেজ হস্পিটালত চিকিৎসা আৰম্ভ কৰাৰ কিছু সময় পিচতে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে শান্তি দাসে। ইপিনে এই দুর্ভাগ্যজনক খবৰটো পোৱাৰ পিছতে নলবাৰীৰ দৰা আৰু সৰভোগৰ নিজ দমকা গাঁৱৰ কইনাৰ পৰিয়ালটোৰ মাজত লাগে হাহাকাৰ। কইনা নিশিতা দাসৰ বিবাহৰ ৰভাথলী, কইনাৰ সাজ, অভ্যর্থনাৰ বাবে ৰাইজক খুৱাবলৈ অনা খাদ্য পৰি থাকিল ৰান্ধনী ঘৰত। আজি পুৱা নিশিতাৰ বিবাহৰ ৰভাস্থলীত দেউতাকৰ মৃতদেহৰ ওচৰত আয়তিৰ উৰুলীৰ পৰিবৰ্তে আত্মীয়ৰ কান্দোনৰ ৰোল। এক বুজাব নোৱাৰা মৰ্মান্তিক ঘটনা। ইয়াৰ মাজতে ৰভাস্থলীৰ পৰা শান্তি দাসৰ মৃতদেহ নিয়া হ’ল শ্মশানলৈ। ইপিনে কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মণৰ বাসগৃহত কাইলৈ বিবাহৰ অভ্যর্থনা অনুষ্ঠান। তাৰে মাজতে দুপৰীয়া শোকাকুল সৰভোগৰ নিশিতা দাসৰ ওচৰত আহি উপস্থিত হয় নলবাৰীৰ দৰাৰ বায়েক আৰু খুৰাক। তেওঁলোকে নিশিতা দাসৰ আত্মীয়ৰ লগত আলোচনা কৰি শোকসন্তপ্ত পৰিয়ালটোৰ কইনাজনীক দুপৰীয়াই কইনাৰসাজেৰে নিশিতাক প্ৰাঞ্জল বৰ্মণৰ ঘৰখনলৈ আদৰি লৈ যায়।