সৎ আৰু দক্ষ পৌৰনিগম গঠনৰ প্রচেষ্টা অব্যাহত আপৰ

সৎ আৰু দক্ষ পৌৰনিগম গঠনৰ প্রচেষ্টা অব্যাহত আপৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লী, পঞ্জাৱকে ধৰি সমগ্ৰ দেশতে যি মূল্যবােধ তথা উন্নয়নৰ ৰাজনীতি আৰম্ভ হৈছে, একেই ধাৰা অব্যাহত ৰাখি গুৱাহাটী পৌৰনিগমৰ নির্বাচনটো আম আদমি পার্টিয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। ৪০ টা ৱাৰ্ডত ‘আপ’ৰ প্রক্ষেপিত প্রার্থীয়ে শাসনাধিষ্ঠিত বিজেপি, অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ লগতে আন আন ৰাজনৈতিক দলকো প্রবল প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছে।-এই মন্তব্য আপৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ৷ মহানগৰীৰ চানমাৰিস্থিত তীৰ্থনাথ শৰ্মা সভাঘৰত আপে আয়োজন কৰা সংবাদ মেলত ৰাজেশ শৰ্মাই পুনৰ কয়-আম আদমি পার্টীয়ে একমাত্র ক্ষমতা দখলৰ লক্ষ্যৰে ৰাজনীতি নকৰে। যােৱা ৭৫ বছৰ ভাৰতত চলি থকা দুর্নীতি-ভ্রষ্টাচাৰ নিৰাময় কৰি ব্যৱস্থাৰ পৰিৱর্তনেৰে জনসেৱা কৰাটোৱেই দলটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য।গুৱাহাটী মহানগৰবাসী ৰাইজলৈ ১১টা গ্যাৰান্টী মুকলি কৰি তেওঁ কয়-গুৱাহাটী মহানগৰৰ প্ৰায় ৬০ টা অঞ্চলতে খোৱা পানীৰ সু ব্যৱস্থা নাই৷পূৰ্বৰ কোনো এখন পৌৰ নিগমে খোৱা পানী সমস্যা সমাধান কৰিব নোৱাৰিলে৷ আপৰ নেতৃত্বত পৌৰ নিগম গঠন হ’লে খোৱা পানী সমস্যা তৎকালে সমাধান কৰা হ’ব আৰু ৫ বছৰৰ ভিতৰত ঘৰে ঘৰে খোৱা পানী পোৱাৰ ব্যৱস্থা কৰা হ’ব৷প্ৰতিটো ৱাৰ্ড প্ৰতিদিনে পৰিস্কাৰ কৰা হ’ব৷প্ৰধান স্হানত মহিলা আৰু পুৰুষ উভয়ৰে বাবে শৌচালয় আৰু প্ৰসাৱগাৰ নিৰ্মাণ কৰা হ’ব৷প্ৰতিমাহে কমেও এবাৰ মহানগৰৰ সকলো নলা নৰ্মদা পৰিস্কাৰ কৰা হ’ব৷মহানগৰৰ সকলো গলি তথা বাইলেনত ষ্ট্ৰীট লাইটৰ উপৰিও চিচি টিভি কেমেৰাৰ ব্যৱস্হা কৰা হ’ব৷আপৰ নেতৃত্বত পৌৰ নিগম গঠন হ’লে পাঁচ বছৰৰ ভিতৰত কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা হ’ব৷২৪ ঘন্টা চিকিৎসা সেৱাৰ লগতে মুখ্য অঞ্চলবোৰত চুবুৰীয়া ক্লিনিকৰ ব্যৱস্থা কৰা হ’ব৷পৌৰ নিগমৰ অধীনৰ আটাইকেইখন জৰাজীৰ্ণ শিক্ষানুষ্ঠান পুনঃ নিৰ্মাণ কৰি ভাল শিক্ষানুষ্ঠান গঢ়ি তোলা হ’ব৷অতি সহজতে,ঘৰতে লাভ কৰিব ট্ৰেড লাইচেন্স৷সাধাৰণ জনতা কৰ দিবৰ বাবে কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰৰ পৰাই কৰ সংগ্ৰহ কৰা হ’ব৷পৌৰ নিগমৰ অধীনৰ সকলো পাৰ্কিং ব্যৱস্থা উন্নত মানৰ কৰা হ’ব আৰু সংখ্যা বৃদ্ধি কৰা হ’ব৷পৰিৱেশ প্ৰদূষণৰ পৰা মহানগৰক ৰক্ষা কৰিবলৈ গলিয়ে গলিয়ে গছপুলি ৰোপন কৰা হ’ব৷পৌৰ নিগমত খালী হৈ থকা সকলো পদত তৎকালে নিযুক্তি দিয়া হ’ব৷আনহাতে পৌৰ নিগমৰ দলীয় প্ৰাৰ্থীসকলৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে নিৰ্বাচিত প্ৰচাৰৰ বাবে এটি গীতো মুকলি কৰা হয়৷সংবাদ মেলত আপ অসমৰ ৰাজ্যিক সমন্বয়ক ডা° ভবেন চৌধুৰী,  অসমৰ বাবে ৰাষ্ট্রীয় সাংগঠনিক মন্ত্রী মহেশ যােশী, ৰাজ্যিৰ যুটীয়া সমন্বয়ক লক্ষীকান্ত দোবে, ৰাজীৱ শইকীয়া উপস্থিত থাকে৷