স্মৃতি
তাহানিৰ নীলাঞ্জনা
তাহানিৰ চেনেহ বান্ধোন
স্কুলীয়া জীৱনৰ সেই স্মৃতি
বʼহাগৰ এটি মিঠা আবেলি
আৰু এডৰা সেমেকা বননি
বৰষুণ জাক চাগৈ এই মাত্ৰ গ’ল
লগত এজাক প্ৰাণোদ্বীপ্ত লগৰীয়া
হাঁহিৰ খলকনিত পৃথিৱী কঁপে
আকৌ সিদিনাৰ সৰগীয়া এটি গধূলি
হাঁহি আৰু গানৰ গুণগুণনি
সময়বোৰে একেলগে প্ৰাণ পাই উঠে
বেসুৰা গানৰ সুৰৰ হাঁহিয়ে তাল কাটে
সময়বোৰ ধৰি ৰাখিব মন আছিল
স্মৃতিবোৰ আহি মণিকোঠাত জিৰণি লয়
সময়বোৰ ৰেলৰ উকিৰ লগত উৰি যায়
জীৱনৰ শূণ্যতা খিনি লিখি আছোঁ মনৰ ডায়েৰীত।।
জ্যোৎস্না ৰানী বেগম
পাঞ্জাবাৰী ,গুৱাহাটী ৩৭