স্মিৰ্ট মিটাৰ ব্যৱস্থাৰ বিৰোধিতা এএইচিএৰ

Pc The Sentinel Assam

স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ বিৰোধিতা এএইচিএৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইৰ জনগণক যোৱা দুদিন ধৰি যি চৰম অশান্তিৰ ফালে ঠেলি দিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু ধিক্কাৰ জনাই অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটীৰ পক্ষৰ পৰা আজি এক প্ৰেছ বিবৃতিত কোৱা হয়‌ যে, বৰ্তমান ৰাজ্যৰ মাত্ৰ ৬ শতাংশ গ্ৰাহকসকলক স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ অধীনত অনা হৈছে। এই ৬ শতাংশ গ্ৰাহকসকলৰ বাবেই তথাকথিত অত্যাধুনিক প্ৰযুক্তিয়ে সঠিকভাৱে কাম কৰিবলৈ যে ব্যৰ্থ হৈছে সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। ফলত ভৱিষ্যতে গ্ৰাহসকল এই ব্যবস্থাত যে নানাধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হব সেয়া স্পষ্ট৷কৰ্পোৰেটসকলৰ স্বাৰ্থত প্ৰস্তুত কৰা এই ব্যৱস্থাৰ সপক্ষে চৰকাৰে যিবোৰ যুক্তি প্ৰদৰ্শন কৰিছিল সেইবোৰ যুক্তি আজি সম্পূৰ্ণ ৰূপে মিছাত পৰ্যবসিত হৈছে। শিলচৰ, গুৱাহাটী,তেজপুৰ সহ যিবিলাক ঠাইত গ্ৰাহক সকলৰ ঘৰত বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ প্ৰতিস্থাপন কৰা হৈছে অথচ পোষ্টপেইড ব্যৱস্থা এতিয়াও চলি আছে সিহঁতৰ বিলৰ টকা জমা দিওঁতে অলপ বিলম্ভ হোৱা কাৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে যিটো আইনৰ পৰিপন্থী। ফলত অতিৰিক্ত চাৰিশ টকা পুণৰ সংযোগৰ বাবদ ভৰিবলগা হৈছে। যিসকলৰ প্ৰিপেইড ব্যাৱস্থা হৈ গৈছে সেইসকল গ্ৰাহকে অগ্ৰিম ৰিচাৰ্জ কৰাৰ পিছতো চাৰ্ভাৰৰ ত্ৰুটিৰ বাবে মিটাৰ ৰিচাৰ্জ নোহোৱাত প্ৰচণ্ড গৰমত বিদ্যুতহীন অৱস্থাত থাকিবলগীয়া হৈছে । জনসাধাৰণ এই অৱস্থাত থকাৰ পিছতো এ পি ডি চি এল কৰ্তৃপক্ষ ও ৰাজ্য চৰকাৰৰ ভূমিকা এই ক্ষেত্ৰত কেৱল নিৰ্বিকাৰেই নহয়, বৰঞ্চ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতো জনগণৰ দাবীক উপেক্ষা কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ সপক্ষে প্ৰচাৰ কৰি আছে। জনগণৰ দ্বাৰা উত্থাপিত অভিযোগবোৰৰ যুক্তিসংগত ব্যাখ্যা দিব নোৱাৰাৰ পিছতো তাৰ সপক্ষে প্ৰচাৰ কৰাৰ দ্বাৰা এইটো স্পষ্ট কৰি দিয়ে যে, স্মাৰ্ট মিটাৰ কোম্পানীৰ লগত চৰকাৰৰ গোপন চুক্তি আছে। স্মাৰ্ট মিটাৰ ব্যৱস্থা যে চূড়ান্ত গ্ৰাহক স্বাৰ্থবিৰোধী সেয়া আৰম্ভণিৰ পৰাই অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনে উল্লেখ কৰি আছে। এই ব্যৱস্থাত সাধাৰণ গ্ৰাহক সকল সৰ্বোতোপ্ৰকাৰে সৰ্বস্বান্ত হব। চৰকাৰে বিদ্যুৎ খণ্ডক কৰ্পোৰেট গোষ্ঠীক গতাই দিয়াৰ অভিসন্ধিৰে পৰিসেৱা আইনৰ নিয়ম-নীতিকবহু ক্ষেত্ৰত লঙ্ঘন কৰা হৈছে আৰু আইনগতভাৱে বিদ্যুৎ এটা অত্যাৱশ্যকীয় পৰিসেৱা হলেও সেয়া লাভজনক পণ্য হিচাবে বিবেচনা কৰা হৈ আছে। কেৱল সেয়াই নহয়, গ্ৰাহক সকলৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা নকৰি আৰু সংসদ বা বিধানসভাত আলোচনাৰ‌ সুযোগ নিদি কোভিড পৰিস্থিতিৰ সুযোগ লৈ কেৱলমাত্ৰ এটা গেজেট নোটিফিকেচন জাৰি কৰি প্ৰিপেইড স্মাৰ্ট ব্যাৱস্থা জনগণৰ কান্ধত জোৰ কৰি জাপি দিয়া হৈছে। ফলত আমি অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনে আকৌ এবাৰ স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰাৰ বাবে দৃঢ়ভাৱে দাবী জনাইছো। ইয়াৰ লগতে এই প্ৰিপেইড স্মাৰ্ট‌‌‌ মিটাৰ ব্যৱস্থাৰ বিৰুদ্ধে ঐক্যবদ্ধ শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি ইয়াক বাতিলৰ বাবে চৰকাৰক বাধ্য কৰাবলৈ সকলো বিদ্যুৎ গ্ৰাহকক আগুৱাই আহিবলৈ আহ্বান জনাইছোঁ৷