স্মাৰ্ট মিটাৰ বাতিলৰ দাবী অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েছনৰ

PC - istock

স্মাৰ্ট মিটাৰ বাতিলৰ দাবী অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েছনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ অসম ৰাজ্যিক কমিটীৰ আহ্বায়ক অজয় আচাৰ্য আৰু হিল্লোল ভট্টাচাৰ্যই আজি এক প্ৰেছ বিবৃতিত কয়-যোৱকালি ৰাজ্য চৰকাৰৰ কেবিনেটে বিদ্যুৎ গ্ৰাহকসকলক মাচুল বৃদ্ধিৰ পৰা ৰেহাই দিবলৈ যি ২০০ কোটি টকাৰ ৰাজসাহায্য ঘোষণা কৰিছে সেয়া এপাচি শাকত এটা জালুকৰ দৰে। চৰকাৰে বিগত সময়চোৱাত যি হাৰত মাচুল বৃদ্ধি কৰিছে তাৰ তুলনাত এই ৰাজসাহায্যই গ্ৰাহকসকলক পৰ্যাপ্ত সকাহ দিবলৈ সক্ষম নহয়। অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ উদ্যোগত ৰাইজে বিদ্যুতৰ মাচুল বৃদ্ধি হ্ৰাস কৰা আৰু প্ৰিপেইড স্মাৰ্ট মিটাৰ বাতিল কৰাৰ দাবীত দীৰ্ঘ দিন ধৰি আন্দোলন চলাই আহিছে। এই আন্দোলনৰ হেঁচাতেই চৰকাৰে দ্ৰুত ৰাজসাহায্য ঘোষণা কৰিছে যদিও তাৰ পৰিমাণ বৃদ্ধি কৰাৰ দাবী জনায় এছচিয়েছনে।লগতে স্মাৰ্ট মিটাৰ বাতিল কৰাৰ দাবী পুণৰবাৰ জনোৱা হয়।