স্বাৰ্থপৰ
স্বাৰ্থপৰ , স্বাৰ্থপৰ ,
স্বাৰ্থপৰতাই কৰে সকলোকে বৰ্বৰ ৷
ঘৰ-পৰ চিন নাই ,
স্বাৰ্থৰ সীমা নাই ,
মুখেৰেহে ভাল পায় ,
অন্তৰত স্নেহ নাই ,
সম্বন্ধবোৰ হ’ল অতিকে জৰ্জৰ ,
মানুহবোৰ হ’ল আজি অতি স্বাৰ্থপৰ ৷
আনৰ হোৱা বেছি দেখে ,
নিজৰখিনি লুকাই ৰাখে ,
বক্তৃতাৰ ফুলজাৰি ,
কথাৰ নাই কমা-দাঢ়ি ,
পৰচৰ্চা ভাল পায় ,
নিজৰ গাত যেন দায় নাই ৷
–অৰুণা গোস্বামী,
তিতাবৰ।