স্বাস্থ্য বিভাগৰ পৰ্যালোচনাৰ অন্তত সংবাদমেলত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ ঘোষণা

স্বাস্থ্য বিভাগৰ পৰ্যালোচনাৰ অন্তত সংবাদমেলত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ ঘোষণা
অতি সোনকালে ৰাজ্যত নতুনকৈ ৪০০ গৰাকী চৰকাৰী চিকিৎসক নিযুক্তি দিয়া হ’ব
অত্যাৱশ্যকীয় ঔষধৰ তালিকাত সামৰি লোৱা হ’ব আন কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধ

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ এক সামগ্ৰিক পৰ্যালোচনা কৰে। বৈঠকৰ পাছতেই এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে যোৱা ১০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলীকৰণ দিৱস উদযাপন কৰাৰ পাছত বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত পঞ্জীয়নভুক্ত এক বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশুক সামৰি অহা ১৭ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যৰ ৮৭,৭৪,৫৪৮ টি শিশুক পেলুৰ ঔষধ সেৱন কৰোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তাৰ ভিতৰত যোৱা দুদিনত ৩২,৩২,৯৮৮ টি শিশুক ঔষধ খুওৱা হৈছে। এই অভিযানৰ অধীনত ৰাজ্যৰ ৪১,১৯২ খন বিদ্যালয় আৰু ৬১,৭৩৮ টা অংগনৱাড়ী কেন্দ্ৰ সামৰি লোৱা হব। আনহাতে, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলীকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই অভিযানৰ অধীনত যোৱা মাহত ৪৩ লাখ লোকক যক্ষ্মাৰোগৰ পৰীক্ষা কৰা হৈছে আৰু এই পৰ্যন্ত ৪০০০ নতুন ৰোগী চিনাক্ত হৈছে। সেইদৰে যোৱা ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ইউ-উইন পৰ্টেলৰ জৰিয়তে বিগত মাহত ৪২ শতাংশ সফলতাৰে ২১,২১০ টি শিশুক টীকাকৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আন শিশুসকলক পূৰ্বৰ মেনুৱেল পঞ্জীয়ন পদ্ধতিৰেও টীকাকৰণ অব্যাহত আছে বুলি তেওঁ অৱগত কৰে। মন্ত্ৰী সিংহলে কয় যে চৰকাৰী চিকিৎসালয়ত ঔষধৰ নাটনি, চিকিৎসকে জেনেৰিক ঔষধ প্ৰেছক্ৰাইব নকৰা, অত্যাৱশ্যকীয় ঔষধৰ তালিকাত বহু গুৰুত্বপূৰ্ণ ঔষধ সামৰি নোলোৱা আদি বিষয় সন্দৰ্ভত নাগৰিকৰ অভিযোগ দাখিলৰ বাবে মুকলি কৰা ৱাটছএপ নম্বৰযোগে যোৱা দিনবোৰত বহুসংখ্যক অভিযোগ লাভ কৰা হৈছে আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহা ১০ দিনৰ ভিতৰত চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ প্ৰায় আটাইবোৰ ঔষধ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে অত্যাৱশ্যকীয় ঔষধৰ তালিকাত আন কেইবাটাও গুৰুত্বপূৰ্ণ ঔষধ সন্নিৱিষ্টকৰণৰো পদক্ষেপ লোৱা হৈছে। আনহাতে, ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসকৰ নাটনি দূৰ কৰাৰ বাবে অতি সোনকালে ৪০০ চিকিৎসক পদৰ বাবে বিজ্ঞাপন দিয়া হব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।