স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কনকন শিশু, কিশোৰ-কিশোৰী সকলক মাজত চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত কনকন শিশু, কিশোৰ-কিশোৰী সকলক মাজত চিত্ৰাংকন, কুইজ, আকস্মিক বক্তৃতা প্ৰতিযোগিতা

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত আজি দিনযোৰা কাৰ্য্যসূচীৰে কনকন শিশু, কিশোৰ-কিশোৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। সেই মৰ্মে বটদ্ৰৱা, ধিং অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত বটদ্ৰৱা উন্নয়ন খণ্ডৰ চৌহদত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। এটি বৰগীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পাছত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ষ্টেম ফৰ গাৰ্লচ প্ৰকল্পৰ সহযোগত ‘স্বাধীনতা’ বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন প্ৰতিযোগিতা খনি পৰিচালনা কৰে চিত্ৰশিল্পী নিপ জ্যোতি বৰাই। বটদ্ৰৱা উন্নয়ন খণ্ডৰ সহকাৰী সহকাৰী কাৰ্যবাহী অভিযন্ত্রা গিৰিশ বৰুৱাই আঁত ধৰা কাৰ্যসূচী অনুসৰি চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছত দুপৰীয়া আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। পাছত ছাত্ৰ ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, অতিথি, কৰ্মকৰ্তা সকলোৰে অংশ গ্ৰহণেৰে এখনি আকৰ্ষণীয় মুকলি কুইজ প্ৰতিযোগীত অনুষ্ঠিত হয়। কুুইজ প্ৰতিযোগিতা খনি পৰিচালনা কৰে ষ্টেম ফৰ গাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষক দিব্যজ্যোতি বৰুৱাই। প্ৰতিযোগিতাৰ অন্তত অনুুষ্ঠিত বঁটা বিতৰণী সভাত বিজয়ী প্ৰতিযোগী সকলক মানপত্ৰ, কলম আৰু নগদ ধনৰে পুৰস্কৃত কৰাৰ লগতে অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰসংশা পত্ৰ প্ৰদান কৰা হয়। বিয়লি বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ টা পঞ্চায়ত প্ৰতিনিধি, বিষয় ববীয়া আৰু উন্নয়ণ খণ্ডৰ কৰ্মচাৰী সকলৰ মাজত এখনি প্ৰীতি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অনুষ্ঠিত সমগ্র কাৰ্যসূচীত খণ্ড উন্নয়ন বিষয়া দিলীপ কুমাৰ সৰকাৰ, বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক মিন্টু ডেকা, বটদ্ৰৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ফকৰুদ্দিন আহমেদ, সদস্য গনেশ বৰা, ৰাজীৱ নায়ক, ইছমাইল হুছেইনকে আদি কৰি কৰ্মচাৰী বৃন্দ, অভিভাৱক-অভিভাৱিকা স্থানীয় ৰাইজ সহ পাঁচ শতাধিক লোক উপস্থিত থাকে।