স্বাগতম নৱবৰ্ষ ২০২৪ – ছেলিমা বেগম

Pc DaFont
স্বাগতম নৱবৰ্ষ ২০২৪
ছেলিমা বেগম
 নগাঁও
স্বাগতম, স্বাগতম, স্বাগতম ২০২৪,
যোৱা বছৰৰ ভুল খিনি শুধৰাই
নতুন বছৰৰ শুভেচ্ছা জনালোঁ।
আগন্তুক নৱবৰ্ষ যাতে সফলতা
 অৰ্জন কৰিব পাৰি তাকেই
কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।
দুই হাজাৰ তেইচ চনত বিদায় দি ছালাম জনালোঁ ,
দুই হাজাৰ চব্বিশ সমাগত বুলি
ছালাম জনালোঁ।
মনৰ পৰা ভেদ ভাৱ আতৰাই হাঁহি হাঁহি
উপভোগ কৰিব পাৰিম বুলি আশা ৰাখিলোঁ।
যাতে এখন সুস্থ নিকা সমাজ গঢ়ি তুলিব পাৰি ।
দেশখন  যাতে সকলো দিশতে সৰ্বশ্ৰেষ্ঠ হয় ,
দেশখনৰ পৰা লেতেৰা ৰাজনৈতিক খিনি আঁতৰাই
স্বচ্ছতাৰে এখন মহান
সুন্দৰ নিকা দেশ গঢ়ি তুলিবলৈ আহ্বান জনালোঁ।
তাকে কামনা কৰি সকলো অসমবাসী
ৰাজ্যৰ লোক সকলক নতুন বছৰৰ শুভেচ্ছা জনালোঁ।