স্পেনিছ ভাষাটো পঢ়িবলৈ পাব ৰসৰাজৰ অপূৰ্ব সৃষ্টি ‘বুঢ়ী আইৰ সাধু’

স্পেনিছ ভাষাটো পঢ়িবলৈ পাব ৰসৰাজৰ অপূৰ্ব সৃষ্টি ‘বুঢ়ী আইৰ সাধু’

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া ভাষা সংস্কৃতিলৈ সুখবৰ।বিশ্ববাসীয়ে এতিয়া ‘বুঢ়ী আইৰ সাধু’ স্পেনিছ ভাষাটো পঢ়িবলৈ পাব।স্পেনিছ ভাষালৈ অনুবাদ হ’ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি ‘বুঢ়ী আইৰ সাধু।অসমীয়াৰ আবেগৰ ‘বুঢ়ী আইৰ সাধু’ক স্পেনিছ ভাষালৈ অনুবাদ কৰি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে ডুমডুমাৰ তন্ময় সোণোৱালে।জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ তন্ময় সোণোৱালে ২০২০ চনৰ পৰাই বিশ্বৰ তৃতীয় বহুল প্রচলিত স্পেনিছ ভাষালৈ ‘বুঢ়ী আইৰ সাধু’ৰ প্ৰতিটো সাধু অনুবাদ কৰাৰ কামত ব্ৰতী হৈছিল।সম্প্রতি ছপা আকাৰত দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ কিতাপৰ বিপণীত এই স্পেনিছ ভাষাৰ ‘বুঢ়ী আইৰ সাধু’ উপলব্ধ হোৱাৰ লগতে অনলাইন শপিং এপ এমাজন আৰু ফ্লিপকার্টতো উপলব্ধ হৈছে।উল্লেখযোগ্য যে,এই প্ৰচেষ্টাৰ জৰিয়তে ৰসৰাজৰ সৃষ্টি সমূহক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে তন্ময়ে।এই গ্ৰন্থখন স্পেনিছ ভাষাৰ পঢ়ুৱৈ সমাজে আদৰি লোৱা বুলি জানিব পৰা গৈছে।বৰ্তমান ফ্লিপকার্ট আৰু এমাজনত উপলব্ধ এই গ্ৰন্থখনি আদৰি লৈছে বিদেশী গ্ৰাহকসকলে।