স্তব্ধ নহওক ASTC এই যাত্ৰা
যাবলৈ ইচ্ছা অকণো নাই যদিও কালিয়ে দি থোৱা এলাৰ্মত সাৰ পাই উঠি লৰালৰিকৈ ওলাবলৈ ঠিৰাং কৰিলোঁ । বাহিৰত কিনকিনিয়া বৰষুণ ফেব্ৰুৱাৰী মাহত সাধাৰণতে ইমান ঠাণ্ডা পৰিব নালাগে যদিও আজি শ্বিলং-শিমলাত থকাৰ দৰে অতিপাত ঠাণ্ডা । শুই উঠিয়ে ইফালে-সিফালে এপাক চালোঁ, নাই কোনো নাই সকলো টোপনিৰ মজ্জা লোৱাত হয়তো ব্যস্ত । মই দেৰি নকৰি লৰালৰিকৈ গৰম পানী কৰি গাটু ধুই কাপোৰ সাজ পিন্ধি ললোঁ । তাৰ মাজতে বাৰে বাৰে ঘড়ীটোলৈ চাই বুজিলোঁ তাই আহি পাবৰ হল, বেছি পৰ নাই । সেয়ে চাহ ভাত সকলো বাদ দি একো নোখোৱাকৈয়ে ৰাতিয়ে সাজু কৰি ৰখা বেগ আৰু ছাতিটো লৈ বাছ ষ্টপলৈ খোজ দিলোঁ । পিঠিত বেগ, এখন হাতত ছাতি লৈ মূল ৰাস্তা পালোগৈ । ৰাস্তাত নৰমনিষ এটাৰো সাক্ষাৎ নহল । লাহে লাহে বৰষুণ জাকো ঘন হবলৈ ধৰিলে । দীঘল দীঘল খোজেৰে বাছ আস্থান পাবলৈ মোৰ বেছি পৰ অৱশ্যে নালাগিল । বাছ আস্থান গৈ দেখোঁ আমাৰ আবেগ ৰঙা-বগা বাছ খন বীৰদৰ্পে থিয় হৈ আছে । অলপো অপেক্ষা নকৰি চিধাই দৌৰ মাৰিলো ASTC খনলৈ বুলি । সোমাইয়ে দেখোঁ গোটেই বাছ ফুল আনকি নালাগে পিছৰ ডিকীও মালবস্তু উঠাই ফুল । তেওঁ বুলি আজি মন বান্ধিছোঁ যেতিয়া যামেই বুলি ঠেলি হেঁচি সোমাই নিজৰ ঠাই অধিকাৰ কৰি বহিলোঁ । বহিলোঁ মানে কেবিনত ইঞ্জিনৰ ওপৰৰ ড্ৰাইভাৰৰ বাওঁহাতে ৱিন্দশীল্ডৰ বিপৰীতফালে মুখ কৰি । বৰষুণৰ বতৰত ASTC ৰঙা বাছত যাত্ৰা, তাকো বহু বছৰৰ মূৰত, আনন্দ দুগুণে । যাত্ৰীৰ বাবে অৱশ্যে ৰব লগা ন’হল, যাত্ৰা আৰম্ভ হল ।যাত্ৰা পথত বিশেষ কৰিবলগীয়া কাম নাছিল । কিন্তু হঠাতে এটা কথা জানিব মন গল । এই বাছখনৰ গৰাকী বাৰু কোন ? জানিবলৈ মোবাইলত সদায় লৈ ফুৰা এপটোত বছখনৰ নম্বৰপ্লেট খন মাৰি চালোঁ । 7 বছৰ পুৰণি বাছখন অসম চৰকাৰৰ । চালান এবাৰো খোৱা নাই যদিও ফিটনেছ ২০১৬ চনতে উৰিছে । সেইবোৰ চাই হোৱাত ভিতৰলৈ চকু ফুৰালোঁ । টাটাৰ চেচিচত বনোৱা নাইট চুপাৰ সদৃশ আৰামদায়ক চিটৰ বাছখন যে বহু দিন চাফা কৰা নাই সেয়া দেখিয়ে গম পাই । ছিটবোৰ হয়তো অনা দিনাখনৰ পৰাই ধোৱা হোৱা নাই । বডী আৰু কেবিনৰ জইন ৰুফৰ পৰা কিঞ্চিত কিঞ্চিত পানী সৰকিছে যদিও এইটো ইমান ডাঙৰ ইচ্ছু নহয় । ৱাইপাৰ মাথোঁ এডালহে । হণ্ৰটুও দুডাল টাৰ লগ লগালেহে বাজে । মুঠতে আমাৰ সাধাৰণ মানুহৰ ভাষাত “চলি আছে যেনেতেনে” । তেওঁবুলি বাছখনত যাত্ৰীৰ সংখ্যা দেখি মনটো ভাল লাগিল । ভিতৰত আঙুলি ভৰাবলৈকো ঠাইৰ অভাৱ । আনকি আলৰ বুঢ়া-বুঢ়ীও কেবিনত ড্ৰাইভাৰৰ সৈতে । তাৰো উপৰি ভাল লাগিল টিকেট দিয়াৰ ব্যৱস্থাটু ডিজিটেল পদ্ধতিৰে টিকেট দিয়াৰ ব্যৱস্থা । না দৰ-দাম না কথাৰ কটা-কটি না পইচা ফাঁক মৰাৰ সুবিধা । এইটো চিষ্টেম দেখি ভাল লাগিল । বৰষুণৰ বতৰত যাত্ৰা সন্মুখৰ গ্লাছৰ ভিতৰপিনেও কিছু পানী সৰকিছে । ড্ৰাইভাৰ জনে সময় সুবিধা বুজি মচিছে যদিও গোটেইখন মুচিব পৰা নাই । তাকে দেখি কেবিনৰ এজন যাত্ৰীয়ে নিজে ড্ৰাইভাৰ জনৰ পৰা গ্লাছ মোহৰা কাপোৰখন লৈ ৱিন্দশ্বিল্ড খন মোহাৰি ড্ৰাইভাৰ জনক সহায় কৰা দেখি ভাল লাগিল । এনেদৰে ঠিক কেবিনৰ ইপাৰৰ জগত খনৰ সৈতে লগ হৈ আহি থাকোঁতে কেতিয়া নিজৰ গন্তব্য স্থান পালোহি সেয়া হেণ্ডিমেন জনে কোৱাতহে গম পালোঁ । নামিবৰ পৰত আজি নিজে নিজে মুখৰ পৰা হেণ্ডিমেন জনক উদ্দেশ্যি ওলাই আহিল “যাব দেই” । তেওঁও হয়তো এইষাৰ কথা আশা কৰা নাছিল । তেওঁও প্ৰত্যুত্তৰত মিচিকিয়াই হাঁহি উত্তৰ দিলে “উম, দিয়া” । মোক এৰি সেই ৰঙা বগা বাছে আকৌ গতি ললে আন এক ষ্টপেজলৈ লৈ । বাছখন যোৱাৰ সিপাৰত দেখা পালোঁ বৰষুণৰ মাজতে ৰৈ থকা তাইক । মনে মনে নিজেকে কলো ‘স্তব্ধ নহওক ASTC ৰ এই যাত্ৰা’ ।।
অভিজিত শেনচোৱা
দেউবিল নপমীয়া, শিৱসাগৰ জিলা