স্খলন
মনালিছা শইকীয়া, বোকাখাত
বেলি ডুবো ডুবো পৰত সুদৃশ্যমান ফুলনিখনৰ সৌন্দৰ্য উপভোগ কৰি কৰি বহল চোতালখনৰ জাপানী বনবোৰত ইলোৰা আলাসতে ঘুৰি ফুৰিছিল। কাষত তাইৰ শৈশৱৰ বান্ধৱী নিজৰা। আচলতে সুদীৰ্ঘ দিনৰ পাছত নিজৰাক লগ পাই ইলোৰা যথেষ্ঠ আলোড়িত হৈছিল। তাই নিৰলসভাৱে নিজৰাক বৰ্ণনা দি আছিল তাইৰ ঘৰ সংসাৰ, ব্যৱসায়, সম্পত্তিৰ বিস্তীৰ্ণ তালিকাখন। নিজৰা অভিভূত হৈছিল। প্ৰিয় বান্ধবীৰ এই পাৰিবাৰিক সুখ, সম্পত্তিৰ প্ৰতিপত্তি আৰু সামাজিক স্থিতিত গৌৰৱবোধ কৰিছিল। অনৰ্গল কথা কৈ থকা ইলোৰাক তাই নিজৰ বিষয়ে সাধাৰণ দুই এটা কথাৰবাদে আন একো জনাবলৈ সুবিধাই পোৱা নাছিল। এনেকি তাইৰ একমাত্ৰ সন্তান ৰুণৰ বিষয়েও। অহা মাহত ৰুণ বিদেশলৈ যাব দুবছৰৰবাবে। দেশৰ কৃষি ক্ষেত্ৰৰ উন্নয়ণৰবাবে বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ সি চৰকাৰৰপৰা বিশেষ সুবিধা লাভ কৰিছে। কথাষাৰ ভাবিলেই নিজৰাৰ বুকুখন ভৰি উঠে। দুখৰ দিনবোৰৰ ছবিবোৰ মোহাৰি তাই এখন সুখৰ ছবি আঁকে। থাকক সেইবোৰ কথা। ৰাতিও ক’ব পাৰিব। ইলোৰাৰ সুখে নিজৰাক মোহাবিষ্ট কৰি তুলিলে। উচ্চাকাংক্ষী ইলোৰাই নিজ আকাংক্ষাৰ সৌধটো গঢ় দিব পৰাত নিজৰা সুখী হ’ল। অনৰ্গল কথা কৈ থকা ইলোৰাক নিজৰাই তাইৰ সন্তান দুটা ক’ত আছে সুধিলে। আবেলিতে আহি তাই ইলোৰাৰ ঘৰ পালেহি যদিও ঘৰখনত ইলোৰা আৰু কাম কৰা মানুহ কেইটাৰবাদে আন কাকো এতিয়ালৈকে দেখা পোৱা নাই। অকস্মাতে সোধা নিজৰাৰ প্ৰশ্নত ইলোৰা খন্তেক থমকি ৰ’ল। পিছমুহুৰ্ত্ততে ইলোৰাই নিজৰ স্থিতিত অটল হৈ উত্তৰ দিলে মানুহজন ব্যৱসায়ৰ কামত ওলাই গৈছে। সৰু ল’ৰাটো দিল্লীত থাকে। ডাঙৰটো ল’ৰা এতিয়া ঘৰত ৰাখিব পৰা অৱস্থাত নাই। সি ড্ৰাগছ খাই অধ:পতিত হোৱাৰবাবে ৰিহেবিলিচন চেণ্টাৰ এটাত স্থায়ীকৈ ৰাখিব লগা হৈছে।