সোৱণশিৰী নদীৰ পানীয়ে বিপদ মাতিব নেকি ? – দেবর্ষি গৌতম

 সোৱণশিৰী নদীৰ পানীয়ে বিপদ মাতিব নেকি ?

দেবর্ষি গৌতম
বনগাঁও

       ঠুনুকা পাহাৰৰ পৰা খহি অহা মাটিয়ে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পলৰ ডাইভাৰ্চন টানেল এটা সম্পূৰ্ণৰূপে স্তব্ধ কৰি পেলাইছে যাৰ ফলত সোৱণশিৰী নদীৰ বুকুত পানী শুকাই যোৱাৰ উপক্ৰম হৈছে। নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ যি মূল বান্ধ সেয়া নদীৰ সাধাৰণ জলস্তৰৰ পৰা কিছু ওপৰত যাৰ ফলত নদীৰ পানী সমূহ বৈ যোৱাৰ বাবে পাঁচটা ডাইভাৰ্চন টানেল নিৰ্মান কৰিব লগা হৈছিল। কিন্তু এই পাঁচটা ডাইভাৰ্চন টানেলৰ ভিতৰত কেৱল মাত্ৰ এটা ডাইভাৰ্চন টানেলহে কাৰ্যক্ষম হৈ আছিল। দুৰ্ভাগ্যজনক ভাবে পাহাৰৰ মাটি খহি আহি কাৰ্যক্ষম হৈ থকা সেই একমাত্ৰ ডাইভাৰ্চন টানেলটোৰে পানী বৈ অহাৰ যি প্ৰক্ৰিয়া সেয়া সম্পূৰ্ণৰূপে বন্ধ কৰি পেলায়। আচলতে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধটো নদীৰ পানীৰ যি জলস্তৰ তাতকৈ কিছু ওপৰত নিৰ্মান কৰা হেতুকে নদীৰ পানীসমূহ আনটো অংশলৈ বৈ যাবলৈ পাঁচটা ডাইভাৰ্চন টানেল নিৰ্মান কৰা হৈছিল। বৰ্তমান যিহেতু পাহাৰৰ মাটি খহি আহি কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰ্চন টানেলটো আবদ্ধ কৰি ৰাখিছে গতিকে নদীৰ আনটো অংশৰ পানী একেবাৰে শুকাই যোৱাৰ উপক্ৰম হৈছে। যি সময়ত নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল সেই সময়ত এই প্ৰকল্প সোৱণশিৰী নদীৰ নামনিত বসবাস কৰা লোকসকলৰ বাবে অতি বিপদসংকুল হব বুলি দল সংগঠন সমূহে প্ৰতিবাদ কৰাৰ ওপৰিও বিশেষজ্ঞ সমিতৰ প্ৰতিবেদনটো এই কথাৰ উল্লেখ আছিল। কিন্তু এই সকলোবোৰ কথাক আওকান কৰি বৃহৎ বিদ্যুৎ উৎপাদন কৰাৰ স্বাৰ্থতে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰা হৈছিল। বৰ্তমান সময়ত পাহাৰ খহি সোৱণশিৰী নদীৰ বুকুত জৈৱবৈচিত্ৰৰ যি এক ভয়াবহ ছবি আমাৰ সন্মুখত সৃষ্টি হৈছে সেয়া অতিকৈ বেদনাদয়ক।

লক্ষণীয়ভাবে নদীৰ পানীৰ সোঁত বন্ধ হৈ পৰাৰ ফলত সোৱণশিৰী নদীৰ এটা ফালত একেবাৰে খৰাং সদৃশ পৰিবেশে বিৰাজ কৰিছে। নদীৰ বোৱতী পানীত জীৱন নিৰ্বাহ কৰা একাংশ জলচৰ জীৱকূলৰ অৱস্থা নদীৰ পানী শুকাই অহাৰ লগে লগে একেবাৰে তথৈবচ হৈছে। পানী শুকাই সৃষ্টি হোৱা এই অভাৱনীয় পৰিবেশৰ বাবে জলচৰ জীৱকূলৰ জীৱনলৈ নামি আহিছে মৃত্যুৰ ভাবুকি। ইতিমধ্যে পানীৰ অভাৱত বিভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য জলচৰ প্ৰাণীৰ মৃত্যু হৈছে।এনেদৰে মাত্ৰাধিক হাৰত অস্বাভাৱিক ভাবে যদি জলচৰ জীৱকূলৰ মৃত্যু হয় তেনেহলে প্ৰকৃতি আৰু জীৱকূলৰ মাজত জৈৱবৈচিত্ৰৰ যি ভাৰসাম্য সেয়া বিঘ্নিত হোৱাৰ উপক্ৰম হব। এটা শ্ৰেণীৰ জীৱ হঠাৎ প্ৰকৃতিৰ পৰা হেৰাই যোৱাৰ লগে লগে অন্য জীৱৰ অস্বাভাৱিক উত্থান হোৱাটো ধুৰূপ। এনে অস্বাভাৱিক উত্থানৰ ফলত জীৱকূলৰ মাজত এক বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠে। যিয়ে জৈৱবৈচিত্ৰৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ বাবে বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিয়ে।

সোৱণশিৰী নদীত পাহাৰ খহি পানীৰ সোঁত স্তব্ধ হোৱাটো এক প্ৰাকৃতিক ঘটনা যদিও এনেবোৰ ঘটনা সংঘটিত হোৱাৰ আঁৰত জীৱশ্ৰেষ্ঠ মানুহৰ ভূমিকা যথেষ্ট বেছি। জীৱশ্ৰেষ্ঠ মানুহে কৰা কিছুমান কৰ্মৰ ফলত প্ৰকৃতিয়ে নিজৰ ভাৰসাম্যতা অটুট ৰাখিব নোৱাৰে যাৰ ফলত এনেবোৰ প্ৰাকৃতিক দুৰ্যোগৰ দৰে ঘটনা সংঘটিত হয়।  প্ৰযুক্তিবিদ্যাক মূল অস্ত্ৰ হিচাপে লৈ মানুহে আজিৰ পৃথিৱীত সকলোকে পৰাজিত কৰি আগবাঢ়ি যাব পাৰিব বুলি আত্মবিশ্বাসী হৈ পৰিছে। কিন্তু প্ৰযুক্তিবিদ্যা যে প্ৰকৃতিৰ সন্মুখত বিফল হব পাৰে মানুহে তেতিয়ালৈকে অনুভৱ নকৰে যেতিয়ালৈকে অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ নিমিষতে প্ৰকৃতিৰ সন্মুখত তচনচ হৈ নপৰে। নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ ডাইভাৰ্চন টানেলত পাহাৰৰ মাটি খহি বন্ধ হৈ পৰাৰ ফলত সোৱণশিৰী নদীৰ যি অবস্থা হৈছে সেয়া প্ৰাকৃতিৰ সন্মুখত অত্যাধুনিক প্ৰযুক্তি বিদ্যাৰ বিফলতাৰ এক জলন্ত উদাহৰণ। যদি বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি বৃহৎ নদী বান্ধৰ পৰিবৰ্তে সৰু নদীবান্ধ নিৰ্মান কৰা হল হেতেন তেনেহলে হয়তো আজি সোৱণশিৰী নদীৰ এনে এটা অৱস্থা নহল হেতেন। আনহাতে সোৱণশিৰী নদীৰ ওপৰত ভৰসা কৰি জীৱন নিৰ্বাহ কৰা নৈপৰীয়া কিছুসংখ্যক লোক শংকিত হৈ পৰিছে। যদি এনেদৰে নদীৰ মাছ কাছৰ মৃত্যু হয় তেনেহলে নৈৰ পৰা মাছ মাৰি জীৱন নিৰ্বাহ কৰা লোকসকলে কিদৰে পৰৱৰ্তী সময়ত তেওঁলোকৰ উপাৰ্জনৰ পথ উলিয়াব। যদি এই ঘটনাৰ পিছত সোৱণশিৰী নদীৰ গতিপথ সলনি হয় তেনেহলে তেতিয়া এক  অতিকৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হব। হয়তো বহু লোকে নিজৰ ঘৰ দুৱাৰ হেৰুৱাব লগা হোৱাৰ উপৰিও বহু লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠিব। জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই যদিও এই ঘটনাক এক সাধাৰণ ঘটনাৰ দৰে গণ্য কৰিছে কিন্তু এই ঘটনা তেনেকুৱা ইমান সাধাৰণ ঘটনা নহয়। এনেধৰণৰ ঘটনাই বিস্তীৰ্ণ অঞ্চলৰ মানচিত্ৰ ক্ষণিকৰ ভিতৰতে সলনি কৰি দিব পাৰে।