সোণাৰাম খেলপথাৰত ‘গুৱাহাটী চিটী ফেষ্ট’ অনুষ্ঠান

Pc RD Times

সোণাৰাম খেলপথাৰত ‘গুৱাহাটী চিটী ফেষ্ট’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ভৰলুমুখস্থিত সোণাৰাম খেলপথাৰত ১০,১১ আৰু ১২ জুনত তিনিদিনীয়া কাৰ্যসূচীৰে ‘গুৱাহাটী চিটী ফেষ্ট’ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত৷-এই মন্তব্য গুৱাহাটী চিটী ফেষ্টৰ উপদেষ্টা দেৱাশিষ বৰাৰ৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলত বৰাই পুনৰ কয়- তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানটিত সান্নিধ্য ভূঞাকে আদি কৰি অসমৰ বহুতো জনপ্ৰিয় শিল্পীয়ে আহি অনুষ্ঠান পৰিৱেশন কৰিব৷তাৰোপৰি অসমৰ জনপ্ৰিয় ব্ৰেন্দ ’শব্দ ব্ৰেন্দ’ৰ শিল্পীয়ে গীত মাত পৰিৱেশন কৰিব৷অনুষ্ঠানটিত ৰাইজ তথা নৱ প্ৰজন্মৰ মনোৰঞ্জনৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱা নিৰ্বাচিত ব্যক্তিসকলক পুৰস্কাৰ প্ৰদান কৰি উৎসাহ যোগোৱা হ’ব৷অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ইতিমধ্যে অনলাইন পদ্ধতিৰে গান,নাচৰ লগতে আন কেইবাটাও প্ৰতিযোগিতা আয়োজন কৰা হৈছে৷গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বহুতো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানটিক লৈ আগ্ৰহ আৰু সহাৰি প্ৰদান কৰিছে৷সংবাদমেলত গুৱাহাটী চিটী ফেষ্টৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে৷