সেন্দুৰীয়া আলি
ইভা গন্ধীয়া ফুকন
মোৰ হৃদয়ৰ ভাবনাবোৰ শিল হোৱাৰ আগতে
নিজ হাতে হাতুৰীৰে কোবাই
গঢ় দিব খোজোঁ এটি কবিতাৰ আলয়
চিত্ৰপট মদাৰৰঙী হৈ জিলিকিব
হৰিণাই কোমল ঘাঁহ খাই দেওদি নাচিব
ৰাঙলী সূৰুযে আঁকিব সেন্দুৰীয়া আলি
পাহৰি অতীতৰ চিন্তা
আঁতৰাই জীৱনৰ এলাহ
ৰচি ৰচি সপোনৰ সোপান
প্ৰেমৰ স্বৰ্গীয় উদ্যানত
মৰমৰ সোণালী সূতাৰে বোৱা চোলা পিন্ধি
অহংকাৰে গঢ়া বুটাম কেইটাত
প্ৰত্যয়ৰ প্ৰলেপ হানি
যুগমীয়া ই মোৰ আপোন পৃথিৱী
উচছৃংখল পদ ধ্বনি চছৃংখলাৰ ৰূপ দি
ৰচি যাম গাই যাম সুন্দৰৰ গীত
ফাগুনৰ বা লাগি উৰিব লিহিৰি বিৰিণা
মন ভৰি নাচিব মোৰ কলিজা !