সেউজ দীপাৱলী – বন্দিতা শৰ্মা কন্দলি

PC - Wonderopolis

সেউজ দীপাৱলী

শৰৎ কালৰ উৎসৱ সমূহৰ ভিতৰত অতি আনন্দৰ উৎসৱ টোৱেই হৈছে দীপাৱলী। কিয়নো এই উৎসৱ হৈছে পোহৰৰ উৎসৱ। এন্ধাৰ বিনাষি জগত পোহৰ কৰা হয় বন্তিৰ পোহৰেৰে।শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। দীপান্দিতা বা দীপাৱলী পালনৰ উৎস হিচাপে বিভিন্ন পৌৰাণিক কাহিনী পোৱা যায়। তেনে এক কাহিনী হৈছে ৰামে চৈধ্য বছৰ বনবাসৰ অন্তত অযোধ্যালৈ ঘূৰি আহোঁতে প্ৰজাই আনন্দতে চাকিৰ পোহৰেৰে ৰাজ্য আলোকাই তুলিছিল। তেতিয়াৰ পৰাই পৰম্পৰাগত ভাবে পোহৰৰ উৎসৱ পালন কৰি অহা হৈছে। এই মাটি চাকিৰ পোহৰ কৃষি কাৰ্যৰ লগতো জড়িত হৈ আছে। চাকিৰ পোহৰৰ প্ৰতি বিভিন্ন কীট পতংগ,চগা আদি আকৰ্ষিত হয় আৰু এই চাকিৰ তেলত লাগি ধৰে। কিছুসংখ্যক জ্বলা চাকিৰ তাপত মৃত্যু হয়। এই কীট পতংগ বোৰে শস্যৰ অনিষ্ট সাধন কৰে। কাতি বিহুৰ পাছত এই বৰ্দ্ধিত পৰিমাণ ৰ চাকিয়ে খেতিয়কক সকাহ দিয়ে।
বৰ্তমান এই পোহৰৰ উৎসৱ আধুনিকতাৰ কবলত পৰি শব্দ আৰু বৈদ্যুতিক চাকিৰ সাজ সজ্জালৈ পৰিবৰ্তন ঘটিছে। প্ৰকৃত দীপাৱলী ৰ তাৎপৰ্য ৰ পৰা ফালৰি কাটি আহিছে।ফটকা আৰু বিভিন্ন ধৰণৰ সৰু বৰ বʼমৰ বৃহৎ শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন ধোঁৱা আৰু উৎপন্ন হোৱা গেছে বায়ুমণ্ডল প্ৰদূষিত কৰি তোলে। শব্দ প্ৰদূষণে মানুহৰ লগতে আন প্ৰাণী আৰু চৰাই চিৰিকটি ৰো অনিষ্ট সাধন কৰে। অত্যাধিক শব্দই কাণেৰে নুশুনা পৰ্যন্ত হ’ব পাৰে। তাৰোপৰি শ্বাস-প্ৰস্বাস জনিত ৰোগ, উচ্চ ৰক্তচাপ আদি নানা ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবেও অপকাৰী। নানা ধৰণৰ ফটকা,কলগছ,ৰকেট,চকৰি আদিৰ পৰা নিৰ্গত হোৱা কাৰ্বন মন অক্সাইড, ছালফাৰ ডাই অক্সাইড,নাইট্ৰিক অক্সাইড আদি অতি বিষাক্ত গেছ। এই গেছ সমূহে বায়ুমণ্ডল প্ৰদূষিত কৰি তোলে। অত্যাধিক পোহৰে পোহৰ প্ৰদূষণৰ সৃষ্টি কৰে। বিজুলী বাতিৰ ৰঙীন টিপ্ টপ্ পোহৰ চকুৰ বাবে হানিকাৰক। বিজুলী শক্তিৰ অপব্যৱহাৰৰ কথাটো নুই কৰিব নোৱাৰি। সদৌ শেষত আমি তেলৰ মাটি চাকি জ্বলাই শব্দ প্ৰদূষণ সৃষ্টি নকৰাকৈ আনন্দ মনেৰে পোহৰৰ উৎসৱ পালন কৰোঁ আহক। চুবুৰীয়া ৰ সৈতে পোহৰ আৰু শব্দৰ প্ৰতিযোগিতাৰ ভাব ত্যাগ কৰি এন্ধাৰ বিনাষি পোহৰে আলোকাই তুলিবলৈ চেষ্টা কৰি সেউজ দীপাৱলী ক স্বাগতম জনাবলৈ সংকল্প লোৱাৰেই সময়।

বন্দিতা শৰ্মা কন্দলি,দেৰগাঁও