সেউজ দীপাৱলী – স্বাগতা বৰুৱা গোস্বামী

PC - Firstpost

সেউজ দীপাৱলী

পোহৰৰ উৎসৱ দীপাৱলী।ঘোৰ অমাৱস্যাৰ নিশা চাৰিওফালে এন্ধাৰ বিনাষি পোহৰ কৰা হয় ধনীৰ পৰা দুখীয়ালৈকে সকলোৰে পদূলি।লোক বিশ্বাস অনুসৰি ৰামে চৈধ্য বছৰ বনবাসৰ অন্তত ৰাবণক বধ কৰি যেতিয়া অযোধ্যালৈ উভতি আহিছিল তেতিয়া ৰাম আৰু সীতাক অযোধ্যাৰ প্ৰজাগণে নিজৰ নিজৰ ঘৰৰ পদূলিয়ে পদূলিয়ে চাকি জ্বলাই তেওঁলোকক উষ্ম আদৰণি জনাই অযোধ্যা নগৰী উৎসৱমুখৰ কৰি তুলিছিল।তেতিয়াৰ পৰাই দিপাৱলী উৎসৱৰ আৰম্ভণি হৈছিল।এই আদৰণি আছিল সেউজ আদৰণি।এই আদৰণিত কোনো ব’ম ফটকা নাছিল।কিন্তু বৰ্তমানৰ দীপাৱলী আধুনিক দীপাৱলী।এই দীপাৱলীত আছে চকু চাত মৰা LED light,ব’ম আৰু ফটকাৰ শব্দ আৰু ধোৱাৰ ফলত সৃষ্টি হোৱা বায়ু,মাটি,পানী সকলোতে বিয়পি পৰা প্ৰদূষণ।এতিয়া সময় দীপাৱলীৰ দিনা উদ্ভৱ হোৱা প্ৰদূষণৰ পৰা আমাৰ বায়ুমণ্ডলক ৰক্ষা কৰা।আমি যদি সকলোৱে সেউজ দীপাৱলী উদযাপন কৰাৰ সংকল্প লওঁ সেইদিনা হোৱা বহুখিনি প্ৰদূষণৰ পৰা আমি পৰিত্ৰাণ পাম।তাৰোপৰি আমি সকলোৱে আমাৰ মৃন্ময় শিল্পৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ জানো এটা কৰ্তব্য নহয়।আমি যদি দীপাৱলী বুলি লাইট ব্যৱহাৰৰ ঠাইত চাকি জ্বলাও তেতিয়া আমি অবাবত খৰচ হোৱা বিদ্যুত খিনিও ৰাহি হ’ব তাৰোপৰি দীপাৱলীৰ দিনা চাকি জ্বলোৱাৰ বহু তাৎপৰ্য আছে যিটো বৈদ্যুতিক লাইটৰ ক্ষেত্ৰত দেখা পোৱা নাযায়। সকলোতকৈ ডাঙৰ কথা হ’ল দিপাৱলীৰ নামত আমাৰ নিচিনা এখন দেশত কোটি কোটি টকাৰ শৰাধ কৰাৰ কিবা জানো প্ৰয়োজন আছে?গতিকে এইবাৰ সকলোৱে সেউজ দিপাৱলী উদযাপন কৰোচোন আহক।

স্বাগতা বৰুৱা গোস্বামী