সেউজীয়া ভাষা-সংগীতা ডেকা

সেউজীয়া ভাষা 

 সংগীতা ডেকা , ৰঙিয়া

কাগজৰ মিঠা মিঠা ভাঁজে ভাঁজে
এজাক কবিতাৰ বৰষুণ
যাৰ টোপালবোৰত জীপাল হয়
এআকাশ সেমেকা উশাহৰ
সেউজীয়া ভাষা
চিঞাহীৰ ৰন্ধ্ৰে ৰন্ধ্ৰে , জাগ্ৰত আজি
অনুভৱৰ বন্ধ পেৰাটো
এবাৰ শুনি চাব নেকি
মৌন মুহূৰ্ত্তৰ , সেই শব্দ সনা কৰণিক
যদি শুনিব খোজে ?