সেউজীয়া গছবোৰ আমাৰ মিত্ৰ – ছেলিমা বেগম

PC - iStock
সেউজীয়া গছবোৰ আমাৰ মিত্ৰ
ছেলিমা বেগম
শুনা শুনা সবে              লগৰীয়া গণ
গছ যে পৰম মিত্ৰ ,
গছ কাটিলে যে             দুখ লাগে মনে
গছৰ নহ’বা শত্ৰু।
এটা গছ কাটি             এশটা ৰোপণ
সকলোৱে লোৱা পণ ,
গছে দিয়ে ফল              ফল খালে ভাল
জীয়াই থাকে যে প্ৰাণ ।
গছে  দে   বিশুদ্ধ               অক্সিজেন জানি
উশাহ-নিশাহ লওঁ ,
 গছ থাকিলে যে               বায়ু শুদ্ধ থাকে
সবে জানি বুজি থওঁ ।
সেউজীয়া সাজ              পৰিধান কৰা
গছক জীয়াই ৰাখা ,
গছ থাকিলে হে                জীয়াই থাকিম
এই কথা মনত ৰাখা।
গছৰ পৰা যে                হয় উপকাৰ
মূল্যৱান বস্তু পাওঁ,
কাঠ , কাগজ যে               গছে দিয়ে জানি
সেউজীয়া সোণ পাওঁ।
সেউজ পৃথিৱী             সেউজীয়া কৰি
জীয়াই থাকিম আমি,
বেমাৰ মুক্ত হৈ          পৃথিৱীক  ৰক্ষা
কৰি ৰাখিবা যে তুমি।