সেই মৃত্যু অপৰাজেয়- বন্দিতা শৰ্মা কন্দলি

সেই মৃত্যু অপৰাজেয়
(১৬ নবেম্বৰ আদ্যশ্ৰাদ্ধ উপলক্ষে)

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

মৃত্যুৰ জয় পৰাজয় আছে জানো! নিশ্চয় থাকিব নোৱাৰে। মৃত্যু চিৰন্তন। জন্ম হ’লে মৃত্যু অনিবাৰ্য।কবিৰ মতে ” মৃত্যুও টো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ” । এই ভাস্কৰ্য যিমানেই আকৰ্ষণীয় আৰু আদৰণীয় হ’ব সিমানেই আত্মীয় – স্বজনৰ বাবে সেই শিল্প অসহনীয় হৈ পৰে।

জীৱনৰ নানা ঘাট -প্ৰতিঘাটৰ মাজতো নিজক বিচাৰি পোৱা ইৰা বাইদেৱে ও জীৱনৰ কঠিন শিলত খোদিত কৰি থৈ গ’ল তেওঁৰ মৌলিক সৃষ্টিৰাজি। আনুষ্ঠানিক উচ্চ শিক্ষাৰ অবিহনেও যে সাহিত্যৰ প্ৰতিটো ভাগ গল্প, কবিতা, প্ৰৱন্ধ,লোক সংস্কৃতি, শিশু সাহিত্য, অনাতাঁৰ গল্প,কথিকা আদি সকলোতে নিজৰ পৰিচয় দাঙি ধৰি পাঠক- শ্ৰোতাৰ মাজত সমাদৰ লাভ কৰিব পাৰি তাৰ এক অনন্য আদৰ্শ হৈছে ইৰা বাইদেউ। প্ৰান্তিক, মৌচাক আদি কাকত আলোচনী যʼতেই তেখেতৰ লেখা পঢ়িবলৈ পাইছিলোঁ, মন্তব্য আগবঢ়াবলৈ হেলা কৰা নাছিলোঁ। বাইদেৱে ফোনতে কৈছিল -” মাইনা তুমি মোক ইমান উৎসাহ দিয়া, মই সাহস পাওঁ,বৰ ভাল লাগে।” মোক ভাল পোৱাৰ বাবেই চাগে ৬ নবেম্বৰৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ তেতিয়া নেদেখা জন তেওঁৰ ওচৰলৈ আহিল,ময়ো হাজিৰ হ’লোহি সেই মূহুৰ্তত। দুষাৰ কথা পাতিয়েই তেওঁৰ হৃদযন্ত্ৰৰ পাম্পটো স্তব্ধ হৈ পৰিল চিৰদিনলৈ। পৰিয়ালৰ লোকে কোৱা কথা এষাৰলৈ মোৰ মনত পৰি গ’ল -” ইমান ধূতি- নীতি তুমি থিয়ৈ থিয়ৈ স্বৰ্গ লৈ যাবা নেকি!” আৰু সচাঁকৈয়ে সেয়ে হ’ল।চকীত বহি বহিয়েই অকনো ঢলি নপৰাকৈয়ে হোৱা এনে মৃত্যু অপৰাজেয়। আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক।