সৃষ্টিৰ নাৰী-ৰশ্মি ৰেখা দুৱৰা

Pc- apost
সৃষ্টিৰ নাৰী
ৰশ্মি ৰেখা দুৱৰা
          ডিব্ৰুগড়
আঠু কাঢ়ি সেৱা কৰি
লাজৰ ওৰণি টানি জ্যেষ্ঠ জনক
সন্মান জনোৱাতেই ব্যস্ত নহয়,
আজিৰ নাৰীয়ে ভৰিৰ শিকলি ছিঙি
দৌৰিছে পুৰুষৰ সমকক্ষ হৈ
সমজুৱা কৰ্মত অগ্ৰণী ভূমিকা লৈ
বক্তৃতাৰে মোহিছে জনতাক
ন-উদ্যমেৰে বুকত সাহস লৈ
বুটলিছে সন্মান।
ক’ত কি হৈছে শামুকখুজীয়া পুৰুষৰ
কোনো আওভাও নাই
নাৰীয়ে বাতৰি দিলেও উৰকে নাপায়
নাৰীয়ে সৃষ্টিকাৰী,নাৰীয়ে ধ্বংসকাৰী
জগতত নাৰীয়ে সৰ্বেসৰ্বা।
নহয় নাৰী আজলি আঁকৰি
নাৰী জগতৰ অপৰূপ মোহিনী
নাই লিংগ বৈষম্য
পুৰুষ-নাৰী সম প্ৰাধান্য।
সমুদায় সমস্যাৰ সন্মুখীন হ’লেও
নাৰী ভিৰু নহয়
আজিৰ নাৰী নিৰ্ভীক
নাৰী শিক্ষাত যদিহে দিয়া হয় অধিক গুৰুত্ব
প্ৰতিজন শিশুৱে গঢ়িব নিজৰ কৃতিত্ব।
হত্যা,বলাৎকাৰ,যৌতুক প্ৰথা
কেউদিশে পাই পৰিত্ৰাণ
মুক্ত মনে নিজ কৰ্মত বৰ্তি হৈ
আনিব দেশৰ সুনাম।
নাৰীয়ে সৃষ্টিকাৰী,ধৈৰ্যশালী,শক্তিশালী
নাৰী অবিহনে সমস্ত অসাৰ।।