আমন কা ফৰিস্তা
~~~~~
সুৰ সম্ৰাট প্ৰয়াত মহম্মদ ৰফী চাহেবৰ ইং ২০২১ বৰ্ষৰ ৩১ জুলাই তাৰিখৰ ৪১ তম মৃত্যু তিথি উপলক্ষে
ফখৰুদ্দিন আহমেদ
বোম্বে হস্পিতালৰ আই চি ইউত মানুহজনে মৃত্যুৰ সৈতে যুঁজি আছিল। তেখেতৰ বাসভৱন ” ৰফী ৱিলা” ত থকা ৫৩৩১৩৭ নম্বৰৰ লেন্ডলাইন ফোনটো বাৰে বাৰে ৰিং কৰি আছিল। তাৰিখ আছিল ইং ১৯৮০ চনৰ ৩১ জুলাই। ফোনটোত ৰিং কৰিলেই ধৰা মানুহগৰাকী বোম্বে হস্পিতালত এই তাৰিখৰ নিশা ১০ বাজি ২৫ মিনিটত শাৰীৰীক ভাবে নিথৰ হৈ পৰিছিল। চিকিৎসকৰ দলে পুনৰ পৰীক্ষা কৰি তেখেতৰ মনোৰমা পত্নী বিলকিছ ৰফীৰ সমূখত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰিছিল তেখেতৰ মৃত্যু খবৰ। মানুহজন আছিল ভাৰতৰ সংগীত জগতৰ সংগীত সুৰ্য পদ্মশ্ৰী , সংগীতৰ জগতৰ একাধিক পুৰস্কাৰ প্ৰাপ্ত গায়ক , সুমধুৰ কন্ঠৰ অধিকাৰী মহম্মদ ৰফী চাহেব। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৫৬ বছৰ হ’বলৈ ৫ মাহ সময় বাকী আছিল। ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহৰ ১৬ তাৰিখ বৃহস্পতিবাৰে ৰাতি তেখেতৰৰ মৃত্যু হৈছিল আৰু ১৭ তাৰিখ শুক্ৰবাৰে তেখেতক কবৰস্থ কৰা হৈছিল। কন্ঠশিল্পী ভুপিন্দৰ সিঙে তেখেতৰ মৃত্যুত ব্যক্ত কৰিছিল ” যদিহে সম্ভব হ’লহেতেন সেই নিশা মই মোৰ জীৱনটো তেখেতৰ দুহাতত সমৰ্পন কৰিলোহেতেন।তেখেত আকৌ এবাৰ সোঁশৰীৰে পৃথিবীৰ বুকুলৈ ঘূৰি আহিলেহেতেন।ইয়াতকৈ ডাঙৰ প্ৰাপ্তী অইন কি হ’ব পাৰে।” কেৱল ভুপিন্দৰ সিঙেই নহয় এয়া সমগ্ৰ ভাৰতবৰ্ষৰ কৌটী কৌটী অনুৰাগীৰ হৃদয়ৰ অনুভবৰহে প্ৰকাশ আছিল।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ধৰ্মৰ ভিত্তি আৰু মহম্মদ আলি জিন্নাৰ ৰাজনৈতিক লালসাত জন্ম পোৱা পাকিস্তানলৈ তদানিন্তন ভাৰতৰ সাধাৰন মুছলিম নাগৰিকৰ পৰা ভাৰতীয় সংস্কৃতিত প্ৰতিষ্ঠা লাভ কৰা বহুতো খ্যাতনামা মুছলমান লোকো পাকিস্তানলৈ গুছি গৈছিল। বিশেষকৈ ভাৰতৰ সংগীত আৰু অভিনয় জগতত প্ৰতিষ্ঠা লাভ কৰা গায়িকা অভিনেত্ৰী নুৰজাহানেও পৰিব্ৰজন কৰিছিল পাকিস্তানলৈ। কিন্তু মাতৃভুমি ভাৰতবৰ্ষৰ প্ৰতি থকা দেশপ্ৰেমৰ বাবেই মহম্মদ ৰফী চাহেব ৰৈ গৈছিল ।
মহম্মদ ৰফী চাহেব আছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সম্পদ। নোপোৱাৰ পৰা পোৱালৈ , ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়লে আছিল তেখেতৰ স্বীকৃতি আৰু জনপ্ৰিয়তা।
ভাৰতবৰ্ষৰ সংবিধান স্বীকৃত প্ৰায়বোৰ ভাষাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় কেবাটাও ভাষাৰ গীতত তেখেতে কন্ঠ নিগৰাইছিল। আমাৰ অসমলৈয়ো মহম্মদ ৰফী চাহেবে কেবাবাৰো পদাৰ্পন কৰিছিল। গীতিকাৰ নুৰুল হকৰ কথা আৰু সুৰকাৰ জিতু-তপনৰ সুৰাৰোপিত অসমীৰে চোতালতে , প্ৰথম দৃষ্টিত তুমি ধৰা পৰিলা আৰু সুধা সম্ৰাট ডঃ ভূপেন হাজৰিকাৰ সৈতে ৰমজানৰে ৰোজা গ’ল , ওলাল ঈদৰ জোন শীৰ্ষক কাৱালীত মহম্মদ ৰফী চাহেবেও গাইছিল।
মহম্মদ ৰফী চাহেবৰ ভাৰতৰ সংগীত জগতৰ স্বৰ্নীল ইতিহাসৰ বৰ্নিল পৰিক্ৰমাৰ আৰম্ভনি পৰিশ্ৰমেৰে পৰিপূৰ্ন আছিল।
ইং ১৯৪৩ চনৰ মাৰ্চ মাহত আকাশবানী লাহোৰত কন্ঠ পৰীক্ষাত উত্তীৰ্ন হোৱাৰ পিচৰ পৰা প্ৰচাৰিত গীতে জনতাক মহম্মদ ৰফী চাহেবৰ মৃত্যু পৰ্যন্ত মোহাচন্ন কৰি ৰাখিছিল। বম্মে মহানগৰীৰ বলীউদৰ সংগীত জগতত খ্যাতনামা সংগীতকাৰ নৌশাদ সুৰাৰোপিত দীননাথ মদহোক ৰচিত “পেহলে আপ ” নামৰ কথাছবি খনৰ দেশপ্ৰেমমূলক গীত ” হিন্দুস্তাঁ কে হম হে হিন্দুস্তাঁ হমাৰা ” শীৰ্ষক গীতটিত শ্যাম কুমাৰ , আলাউদ্দিন নাভেদ, বি এম ব্যাসৰ সৈতে মহম্মদ ৰফী চাহেবক কন্ঠদান কৰায়। ইং ১৯৪৪ চনৰ পহিলা জানুৱাৰীত ” পেহলে আপ” নামৰ কথাছবিখনে মুক্তি লাভ কৰে। তাৰ পিছত মহম্মদ ৰফী চাহেবে জীৱনৰ শেষ বাৰৰ বাবে ইং ১৯৮০ চনৰ ৩০ জুলাই তাৰিখ বুধবাৰে ৰেকৰ্ডিং কৰা ” আচ পাচ ” নামৰ কথাছবি খনৰ ” তেৰে আনে কি আচ চে , শাম ফিৰ কিউ উদাস হে দোস্ত” শীৰ্ষক গীতটিৰ মুহূৰ্তলৈ ঘুৰি চাবলগা হোৱা নাছিল।
ভাৰতীয় চিনেমা জগতত গ্লেমাৰ সৰ্বস্ব প্ৰায় তিনিকুৰী ছয়টা বছৰ অতিবাহিত কৰা মহম্মদ ৰফী চাহেবৰ কন্ঠই বহুধা বিভক্ত ভাবে স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছিল।সেইবোৰ ৰূপৰেখা জাতীয় ভাবে উল্লেখ কৰা হ’ল–
ভাৰতৰ প্ৰথম স্বাধীনতা দিবসত পৰিবেশিত ” শুনো শুনো এ দুনিয়াৱালো বাপু কি য়ে অমৰ কাহিনী” গীতৰ বাবে ৰজত পদক বঁটা লাভ।পদ্মশ্ৰী , ৰাষ্ট্ৰীয় সন্মান , একাধিক বাৰ ফিল্মফেয়াৰ বঁটা , সুৰ শৃংগাৰ এৱাৰ্ড , একাধিক বাৰ বেংগল ফিল্ম জাৰ্নেলিষ্ট এৱাৰ্ড আৰু ফিল্ম ৱৰ্ল্ড মেগাজিন এৱাৰ্ড লগতে ভাৰতীয় ডাক বিভাগে ইং ২০০৩ চনৰ ১৫ মে’ত মহম্মদ ৰফী চাহেবৰ স্মৃতিত ডাক টিকটৰ প্ৰচলন কৰে।
মহম্মদ ৰফী চাহেবৰ সংগীত জগতৰ ছয়ত্ৰিশ বছৰীয়া পৰিক্ৰমাত ২৪৩ গৰাকী সুৰকাৰ , ৩১০ গৰাকী গীতিকাৰ আৰু ১১৭ গৰাকী সহশিল্পীৰ সৈতে কৰাৰ সৌভাগ্য হৈছিল। সেই সকলৰ ভিতৰত ডি এন মহাদোক, ৰমেশ গুপ্তা , মজৰুহ চুলতানপুৰী , আনন্দ বক্সী, শাকীল বাদাউনী , দিলীপ কুমাৰ , দেব আনন্দ , অশোক কুমাৰ , ৰাজ কাপুৰ , গুৰু দত্ত , শাম্মী কাপুৰ , সুনীল দত্ত , ধৰ্মেন্দ্ৰ , অমিতাভ বচ্চন আৰু মহম্মদ ৰফী চাহেবে যিসকল গায়ক গায়িকাৰ সৈতে গীত গাইছিল সেই সকলৰ ভিতৰত কুন্দল লাল চাইগল ,খান মস্তানা ,মান্না দে, মুকেশ ,তালাত মাহমুদ ,কিশোৰ কুমাৰ , নুৰজাহান , চামচাদ বেগম , লতা মঙ্গেশকাৰ , গীতা দত্ত , আশা ভোসলে , সুমন কল্যানপুৰ আদিয়েই প্ৰধান।
গীনিজ বুক অব্ ৰেকৰ্ড্চ কৰ্তৃপক্ষই ভুল সংখ্যাধিক্যৰে কুকিল কন্ঠী গায়িকা লতা মঙ্গেশকাৰ জীৰ নাম অন্তৰ্ভূক্ত কৰাত মহম্মদ ৰফী চাহেবে বিনম্ৰ ভাবে উনুকিয়াই দিছিল আৰু কৰ্তৃপক্ষই সন্মান সহকাৰে ৰফী চাহেবৰ মন্তব্যক সন্মান জনাইছিল।
অবিভক্ত ভাৰতবৰ্ষৰ পঞ্জাবৰ অমৃতসৰ এলেকাধীন কোটলা চুলতান সিং নামৰ সৰু গাঁও খনত পিতৃ হাজী আলিৰ ঔৰষত আৰু মাতৃ আল্লাহ ৰখীৰ গৰ্ভত ইং ১৯২৪ চনৰ ২৪ ডিচেম্বৰৰ নিশা জন্ম গ্ৰহন কৰিছিল মহম্মদ ৰফী চাহেবে। “ৰফী” শব্দৰ অৰ্থ হৈছে উদ্বেলিত , উৎফুল্লিত । নিজৰ নামৰ অৰ্থক সফলতা প্ৰদান কৰিয়েই যেন ভাৰতীয় সংগীত জগতত অবিস্মৰনীয় হৈ ৰৈ গ’ল মহম্মদ ৰফী চাহেব।
সাম্প্ৰদায়িক চিন্তা চৰ্চাই জুৰুলা কৰা ভাৰতীয় জনতাৰ বাবে সংগীতৰ উপৰিও নিজৰ কৰ্মৰ বাবে মহম্মদ ৰফী চাহেব সাম্প্ৰতিক সময়তো বাৰুকৈয়ে প্ৰাসংগিক হৈ আছে। তেখেত এজন নিষ্ঠাবান মুছলমান হোৱাৰ উপৰিও নিয়মীয়াকৈ দৰ্শন কৰিছিল ৱিটথল মন্দিৰ।জুহুস্থিত ইস্কন মন্দিৰ নিৰ্মানৰ সাহাযাৰ্থে ” মহম্মদ ৰফী-শংকৰ জয় কিষান নাইট” গীত পৰিবেশন কৰাৰ উপৰিও ইস্কন মন্দিৰৰ কৰ্তৃপক্ষক ২৫ হেজাৰ টকা দান কৰিছিল।এনে অলেখ ঘটনাৰে পৰিপূৰ্ন হৈ আছে ভাৰতীয় সংগীত জগতৰ কিম্বদন্তী গায়ক মহম্মদ ৰফী চাহেবৰ জীৱন।
তেখেতৰ মৃত্যুত লতাজীয়ে কৈছিল ” তিনিদিনলৈ মই শুব পৰা নাছিলো।ডাক্তৰে ইনজেক্সন আৰু টেবলেট নিয়মিতভাবে সেৱন ৰ নিৰ্দেশ দিছিল।এনে লাগিছিল মোৰ শৰীৰটোৰ এটা অংশ কাটি যেন ভগৱানে পৃথক কৰি পেলাইছিল।”
বিশিষ্ট গায়ক তালাত মাহমুদে কৈছিল ” খোদাই তেখেতৰ জীৱনটো কিয় লৈ গ’ল? তেখেতৰ সলনি মোৰ জীউটো লৈ যোৱাহেতেন।”
মহম্মদ ৰফী চাহেবৰ স্মৃতি সোঁৱৰি আশা ভোসলেই ব্যক্ত কৰিছিল ” ৰফী চাহাব , আপোনাৰ হিমালয় সদৃশ উদাত্ত কন্ঠ আমি শুনাৰ পৰা বঞ্চিত হৈছো। আপোনাৰ শান্ত সমাহিত স্বভাব দৰ্শনৰ পৰা আমি চিৰ বঞ্চিত। আপোনাৰ স্মৃতিয়ে বৰকৈ আমনি কৰে।”
ৰফী চাহেবে জীৱন কালত পবিত্ৰ মক্কা আৰু মদিনালৈ গৈ তিনিবাৰ হজ্ব সমাপন কৰিছিল। পবিত্ৰ কাবা শ্বৰিফ অন্তৰ্ভূক্ত হৈ থকা আল্লাহৰ ঘৰ ” বয়তুল্লা শ্বৰীফ” ত অাজান দিবলৈ তেখেতক আৰব চৰকাৰে সুবিধা দিছিল।
বিৰল প্ৰতিভা আৰু কৃতিত্বৰ অধিকাৰী , বহু সহস্ৰাধিক গীতত কন্ঠদান কৰোতা মহম্মদ ৰফী চাহেবৰ ৪১ তম মৃত্যু বাৰ্ষিকী চলিত বৰ্ষৰ চলিত জুলাই মাহৰ ৩১ তাৰিখ উপলক্ষ্যত তেখেতক সশ্ৰদ্ধাৰে সোঁৱৰন কৰিলো।