সুৰজিৎ একাডেমীৰ দুবছৰীয়া অভিনয় আৰু পুতলা নাচ পাঠ্যক্ৰমৰ শেষান্ত পৰীক্ষা ২০২২ ৰ ফলাফল ঘোষণা

সুৰজিৎ একাডেমীৰ দুবছৰীয়া অভিনয় আৰু পুতলা নাচ পাঠ্যক্ৰমৰ শেষান্ত পৰীক্ষা ২০২২ ৰ ফলাফল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- সুৰজিৎ একাডেমীৰ দুবছৰীয়া অভিনয় আৰু পুতলা নাচ পাঠ্যক্ৰমৰ শেষান্ত পৰীক্ষা ২০২২ ৰ ফলাফল ঘোষণা কৰা হৈছে। শিশু শাখাত প্ৰথম স্থান লাভ কৰে দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ ছাত্ৰ হাৰ্দিক শৰ্মা আৰু দ্বিতীয় স্থান লাভ কৰে দিল্লী পাব্লিক স্কুল গুৱাহাটীৰ ছাত্ৰী প্রতিক্ষ্যা বৰুৱা। জ্যেষ্ঠ শাখাত প্ৰথম স্থান লাভ কৰে নেলী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ধ্ৰুৱজ্যোতি কলিতা আৰু দ্বিতীয় স্থান পাইছে জালুকবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী সীমা দেবী। দুবছৰীয়া অভিনয় আৰু পুতলা নাচ পাঠ্যক্ৰমৰ শেষান্ত পৰীক্ষা ২০২২ ত স্থান প্ৰাপ্ত সকলক অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক স্বৰ্গীয় অমূল্য চৌধুৰী আৰু গোৱালপৰীয়া লোক গীতৰ স্বানামধন্য শিল্পী স্বৰ্গীয় কল্পনা চৌধুৰী বঁটা প্ৰদান কৰা হব। এই বঁটা সুৰজিৎ একাডেমীৰ আগত হব লগা ৰূপালী জয়ন্তী কাৰ্যক্ৰমত প্ৰদান কৰা হ’ব ।