সুযোগ বিচাৰি- বন্দিতা শৰ্মা কন্দলি

Pc Moody on the Market

সুযোগ বিচাৰি

আজৰি পৰত ৰীণা আৰু লিজাই লুডু খেলে। লিজাই খেলত প্ৰায়েই জিকে! ৰীণাই সেয়ে লিজাক কয় ” তোমাৰ ভাগ্য বৰ ভাল, সদায় জিকিয়েই থাকা।” লিজাই মিচিকিয়াই ক’লে,”আচলতে কি জানা, মই সুযোগলৈ বাট চাওঁ আৰু সময়ত গ্ৰহণ কৰোঁ।”
লিজাৰ কথাষাৰ গণিতৰ মাজেৰে জুমি চাওঁচোন বাৰু! আমি দৈনন্দিন জীৱনত বহু ক্ষেত্ৰত সুযোগ আৰু সম্ভাৱিতাৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ধৰা হ’ল আমি বিদ্যালয়লৈ বুলি বাট বুলোতে হঠাতে এজাক বৰষুণ আহিল। এনেতে ছাতি লৈ অহা বন্ধু এজনে ছাতিৰ তলত সোমাবলৈ আৰু একে সময়তে গাড়ীৰে অহা বন্ধু এজনে গাড়ীখন ৰখাই গাড়ীত যাবলৈ মাতিলে। সেই মুহূৰ্তত আমি কি কৰিম বাৰু? ছাতিৰ তলত সোমোৱাত কৈ গাড়ী খনত হে উঠিম গৈ নহয়নে বাৰু!! এই ক্ষেত্ৰত আহি পৰিছে সুযোগ ২ টা । আৰু ঘটনাটোৰ সম্ভাৱিতা ২/২ = ১ অৰ্থাৎ ছাতিৰ তলত যোৱা বা গাড়ীত যোৱা,যেই কোনো এটা। দুয়োটা সুযোগ এৰি আমি কেতিয়াও তিতি – তিতি নাযাও ! নিশ্চিতভাৱে আমি এটা সুযোগ গ্ৰহণ কৰিম ।
সেইদৰে এখন ক্ৰিকেট খেল আৰম্ভ হোৱাৰ আগতে আম্পায়াৰে মুদ্ৰা এটা টছ কৰি কোনটো দলে প্ৰথমে বেট ধৰিবলৈ সুযোগ পাব তাক থিৰাং কৰিবলৈ টছ কৰা মুদ্ৰা টোৰ সম্ভাব্য ফল মুণ্ড (H) নে পুচ্চ (T) দলপতি দুজনক ক’বলৈ দিয়া হয় আৰু যি জনৰ কোৱা কথা মিলি যায় তেওঁৱেই প্ৰথম সুযোগ পায়। কিন্তু এই টছ কৰা কাৰ্যৰ ফল আমি আগতীয়াকৈ ক’ব নোৱাৰোঁ। আমি ভবাটো নহ’বও পাৰে। মুণ্ড আৰু পুচ্চ পোৱাৰ ফলাফল দুটা। সম্ভাৱিতা পৰিমাণ সমান সমান। অৰ্থাৎ মুণ্ড পোৱাৰ সম্ভাৱিতা = 1/2 আৰু পুচ্চ পোৱাৰ সম্ভাৱিতা=1/2 । এই কাৰ্য বাৰে বাৰে সম্পন্ন কৰিব পৰা যায়। সেয়ে এই পৰীক্ষা কাৰ্যক যাদৃচ্ছিক পৰীক্ষা (Random Experiment) বোলা হয়। এই ক্ষেত্ৰত টছৰ সংখ্যা ক্ৰমান্বয়ে বঢ়াই গৈ থাকিলে ফলাফল ৰ পাৰ্থক্য কমি যায়। মুণ্ড আৰু পুচ্চ পোৱাৰ সংখ্যা ওচৰা-ওচৰি হয়। অৰ্থাৎ মুণ্ড আৰু পুচ্চ পোৱাৰ ফল দুটা সমসাম্ভাব্য।
লুডুৰ ডাইচৰ ক্ষেত্ৰত পিঠিত যিহেতু 1,2,3,4,5,6 চিহ্নিত কৰা আছে গতিকে ইয়াত ছটা সমভাৱে সংঘটিত হ’ব পৰা ফলাফল আছে। প্ৰতিটো ফলেই একোটা ঘটনাৰ সৃষ্টি কৰে। আকৌ দুটা বা ততোধিক ফল লগহৈয়ো একোটা ঘটনাৰ সৃষ্টি হ’ব পাৰে।যেনে যুগ্ম সংখ্যা 2,4,6 প্ৰাপ্ত হোৱা ঘটনা আৰু অযুগ্ম সংখ্যা 1,3,5 ৰে প্ৰাপ্ত হোৱা ফলবোৰে এটা ঘটনাৰ সৃষ্টি কৰে। এতিয়া যুগ্ম আৰু অযুগ্ম প্ৰাপ্ত হোৱা ঘটনাটো ঘটাৰ বাবে সুযোগ 6 , সেয়ে সম্ভাৱিতা হ’ব 6/6=1 অৰ্থাৎ যুগ্ম বা অযুগ্ম যেই কোনো এটা সংখ্যা নিশ্চিতভাৱে পাম। কেৱল যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ’ব 3/6 =(ঘটনাটো সংঘটিত কৰা ফলাফল ৰ সংখ্যা)/( পৰীক্ষা কাৰ্যটোৰ ফলাফল ৰ মুঠ সংখ্যা) ।

সুযোগ আৰু সম্ভাৱিতাৰ বাস্তৱ জীৱনৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। আমাৰ কৃষকসকলে কৃষি কাৰ্যৰ বাবে উপযুক্ত বতৰ অৰ্থাৎ বৰষুণ আৰম্ভ হোৱাৰ সম্ভাৱিতাৰ ওপৰত নিৰ্ভৰ কৰে।বতৰ বিজ্ঞানীসকলে পূৰ্বৰ তথ্য পৰ্যবেক্ষণ কৰি বতৰৰ আগলি-বতৰা দিয়ে। নিৰ্বাচনৰ বেলিকাও সম্ভাৱিতা ক অগ্ৰাধিকাৰ দি প্ৰাপ্ত তথ্যৰ ভিত্তিত কিছুমান সম্ভাৱনাৰ কথা অনুমান কৰা দেখা যায়। লটাৰীত কোটি পতি হোৱাৰ সম্ভাৱনা কিমান বাৰু? ধৰা হওক তিনিলাখ টিকট বিক্ৰী হ’ল। প্ৰথম পুৰস্কাৰ পাবলৈ মোৰ সম্ভাৱিতা হ’ব তিনিলাখ ভাগৰ এভাগ। অৰ্থাৎ আশা অতি ক্ষীণ!কিনিম নে??

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও