সুন্দৰ বিলাসী ঘৰ এটা সাঁজিব লাগে –  শৈলেন কুমাৰ

Pc- Depositphotos

সুন্দৰ বিলাসী ঘৰ এটা সাঁজিব লাগে 

 শৈলেন কুমাৰ
 মিৰ্জা ( কামৰূপ )

সকলো মানুহৰ জীৱনৰ গুৰুত্বপূৰ্ণ এটা সপোন এটা ভাল ঘৰ তৈয়াৰ কৰিব লাগে ৷ সকলোৰে দৃষ্টি আকৰ্ষিত কৰিব পৰা এটা ধুনীয়া ঘৰ সাজিব লাগে নহয়নে ? ঘৰখন বনাই মেলি ঘৰখন আকৌ বিভিন্ন অমূল্য সম্পদৰে ভৰাব লাগিব ৷ সমাজত স্থান পাবলৈ হ’লে ধুনীয়া ঘৰ,সম্পত্তি,ধুনীয়া পত্নী,গাড়ী ঘোঁৰাৰ প্ৰয়োজন আজিকালি ৷ মানুহৰ কামনাৰ অন্ত নাই ৷ কিন্তু কেতিয়াবা ভাবি চাইছেনে অতিমাত্ৰা কামনাই আমাক তীব্ৰভাৱে পতনৰ ফালে লৈ গৈ আছে ৷ পৃথিৱী এটাই দ্বিতীয় পৃথিৱী আমি সৃষ্টি কৰিব নোৱাৰোঁ কিন্তু বিশাল অট্টালিকা সাজিব পাৰোঁ ৷ যিটো হাৰত জনবিস্ফোৰণৰ হৈছে,মানুহ ক’ত থাকিব? এদিন অঘৰী হৈ অনাহাৰে মৃত্যুক আকোঁৱালি লব লাগিব আৰু সেয়া চিৰসত্য,সৃষ্টি হ’লে পতন হবই লাগিব ৷ কিন্তু জীয়াই থকা দিনকেইটা আমি শান্তিৰে জীৱনযাপন কৰিব নোৱাৰোঁ নে ? আনক দেখাবলৈ নগৈ নিজৰ মাজত সন্তষ্টি লাভ কৰিব নোৱাৰোঁ নে ? আমি হিংসা,ঈৰ্ষা বিয়পাব লাগেনে শান্তিসন্তুষ্টি বিয়পাই দিব লাগে? আমি প্ৰেমৰ ধাৰণা নাজানো,প্ৰেমৰ নামত enjoyment হে কৰিব জানো ৷ আজি যিবিলাকে আমোদপ্ৰমোদত মছগুল,সমাজত যিসকলে অন্যায়,অনাচাৰ,অধৰ্ম সিচৰিত কৰি আছে,সেইসকলে কিন্তু জীৱনকালটোত সমস্ত ভোগ কৰি সিপাৰ হব কিন্তু সমস্যা হব চলি থকা প্ৰজন্মটোৰ আৰু আহি থকা প্ৰজন্মটোৰ ৷ আম খাই বাকলিটো এৰি যোৱা অৰ্থটো বুজিছে নিশ্চয় ৷ বৰ্তমানৰ পৃথিৱীখন এটা মস্ত অগ্নিকুণ্ডত ৰূপান্তৰিত হৈছে,সেইবোৰ কথা কোনে কয়? বা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিমানে মাত মাতে? মানুহৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে কিন্তু সেই পৰিমাণে মাটিৰ সংখ্যা বৃদ্ধি হোৱা নাই ৷ এতিয়া ঘৰ সাজিলে হাবি জংঘল ছাফা কৰি ঘৰ সাজিব লাগিব ৷ আৰু হাবি জংঘল ছাফা কৰাৰ পৰিণতি আমি বৰ্তমান হাতেহাতে পাই আছোঁ ৷ কৰ’না মহামাৰী তাৰে জ্বলন্ত উদাহৰণ ৷ কিন্তু আমাক উন্নয়ন লাগে যিকোনো প্ৰকাৰে,উন্নয়নৰ চিন্তাত ইমান অন্ধ নহব যে এদিন নিজৰ মঙহ নিজে কামুৰি খোৱাৰ পৰিস্থিতি উদ্ভৱ হয় ৷ অন্ধ কামনাই মানুহক কেতিয়াও সুপথ নেদেখুৱাই ৷ প্ৰকৃতিৰ কাৰ্য্য চক্ৰত আমি ইজনে আনজনৰ ওপৰত নিৰ্ভৰশীল যদি সেই চেইনডাল ছিঙি দিয়া যায় তেতিয়া ভাবক আমাৰ কি গতি হব ? আপুনি মানৱ হব বিচাৰেনে পিশাচ হব বিচাৰে ?পশু এটাই যেতিয়া পোৱালি জন্ম দিয়ে তেতিয়া সি কিমান সময়ত খোজ কাঢ়িব পৰা হয় ? আৰু মানুহে যেতিয়া সন্তান জন্ম দিয়ে তেতিয়া সন্তানটোৱে খোজ কাঢ়িবলৈ কিমান সময় লগাই ? আমি বহুত দুৰ্বল,আমি জংঘলত থাকিব লগা হ’লে আমি কিমান দিন জীয়াই থাকিম ৷ আৰু আমি মুৰ্খ অজ্ঞানীৰ দৰে প্ৰকৃতি ধ্বংসৰ আয়োজন চলাইছোঁ,গছবন কাটি তহিলং কৰিছোঁ ৷ oxygen আৰু কাৰ্বনডাইঅক্সাইড সূত্ৰ আমি নাজানো ৷ কামনাৰ কৱলত সকলো জগত ভেজাল খাদ্য আৰু ভেজাল মাতকথাত ব্যস্ত ৷ পৃথিৱীত এতিয়াও ভাল মানুহ আছে নহয় সেই শাৰী বাক্যবাণেৰে আমি শান্তি লওঁ, পৃথিৱী শেষ হোৱাৰ পাছত ভাল মানুহৰ কি কাম?আগতে নিজকে ভাল কৰকচোন ৷প্ৰতিদিনে কিমান প্ৰজাতি বিলুপ্তি হৈছে আমি খৱৰ ৰাখিছোঁ নে? ধেইট বেলেগতহে হৈছে আমাৰ ইয়াত হোৱা নাই নহয়,এনেকুৱা মানসিকতা থাকিলে আমাৰ কি হব ? উন্নয়ন নে নিজে নিজৰ ধংস মাতিছোঁ ৷ মনটো শুদ্ধ কৰক সমাজৰ আৱৰ্জনা ছাফা কৰক,সুন্দৰ ঘৰ বনোৱাৰ আগতে মনটো সুন্দৰ কৰক ৷ নিজৰ ঘৰ বনোৱাৰ লগতে প্ৰকৃতিৰ অন্য প্ৰজাতি বোৰৰ বাবেও ঘৰ বনাই দিয়ক,সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে ৷