সুধাকণ্ঠলৈ ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি অসম প্ৰদেশ কংগ্ৰেছৰ

Pc ETV Bharat

সুধাকণ্ঠলৈ ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি অসম প্ৰদেশ কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ ওপজা দিনত আজি অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বিশ্ববিখ্যাত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিস্থলীত অসম প্ৰদেশ কংগ্ৰেছৰ এটা শীৰ্ষ দলে অসমৰ যশস্বী শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, উপ-সভাপতি নৃপেন ঠাকুৰীয়া, উপ-সভানেত্ৰীদ্বয় বালিকা পেগু আৰু ৰূপা দেউৰী, জ্যেষ্ঠ মুখপাত্ৰদ্বয় মেহদী আলম বৰা আৰু কুশল কুমাৰ শৰ্মা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন কুমাৰ দাস, গুৱাহাটী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী গীতালি দাস, যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মকৰ্তাসকল, মহিলা কংগ্ৰেছৰ এটা বৃহৎ দলৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ ইউ আইৰ বুজন সংখ্যক সদস্যৰ দলটোৱে সমাধিক্ষেত্ৰত উপস্থিত হৈ সুধাকণ্ঠৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণেৰে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।