সুখ
সুখ ভাবিলে সেইটো সুখ নেকি,
য’ত মোৰ বাবে মা দেউতাৰ মুখত হাঁহি।
মই ভাবো সুখ পোৱাৰ সহজ উপায় নো কি?
আৰু যিটো সুখেৰে দুখক, দৈনিক ৰাখিব পাৰে ঢাকি।
সুখ এনে বৃক্ষ যি সহজতে নাভাঙে,
সুখ এনে আখৰ যি সহজতে নুমুছে,
সুখত থাকিলে দুখৰ মূল্য নো কোনে বুজিব,
দুখ নাথাকিলে জীৱনৰ শিক্ষা কোনেনো দিব।
বহু লোকে জীৱনত, সুখক বঞ্চিত কৰে,
এই বাবে বহু লোকে আত্মহত্যাৰ পথ বাছে।
সুখ বেছি থাকিলেও জাগে অহংকাৰী মন,
এনেদৰে সুখৰ পৰা মানুহৰ হয় পতন।
ধনেৰে নহয়! মন আৰু তনেৰে সুখী হওঁক,
সুখী থাকিবৰ বাবে সত্যৰ পক্ষ লওঁক।
নিজৰ সুখৰ বাবে আনক দুখ নিদিবা,
মৰম আৰু আদৰে জীৱন পাৰ কৰিবা।
সুখ নালাগে জীৱনত বিচাৰি থাকিব,
নিজৰ সু-কৰ্মৰে সুখ পাছে-পাছে ফুৰিব।
ধৰণী খনক সুখত ৰাখিলে আমিও সুখী হম,
কোনোদিনে কোনেও নকয় নৰ’ক অধম।
-নিতিষ্মান দাস
শ্ৰেণী-সপ্তম