সুখ আৰু সাফল্য
সুখ আৰু সাফল্য একে নহয়। সুখ দেখুৱাব নোৱাৰি কিন্তু সাফল্য দেখুৱাব পাৰি। সুখ মানে হ’ল – আপুনি যি বিচাৰে সেয়া পোৱা। আৰু সাফল্য হ’ল- আপুনি যি বিচাৰে সেয়া অৰ্জন কৰা। সুখ মূহুৰ্ততে পাব পাৰি আৰু সাফল্য মূহুৰ্ততে পাব নোৱাৰি। সুখ আপুনি নিজৰ মন পছন্দৰ কাম কৰিও পাব পাৰে, কাৰোবাক সহায় কৰিও পাব পাৰে। আৰু কেতিয়াবা একো নকৰিও সুখী থাকিব পাৰে। কিন্তু সাফল্য পাবলৈ হ’লে সংৰ্ঘষ কৰিব লাগিব , পৰিস্থিতিৰ লগত খাপ খাব লাগিব আৰু ধৈৰ্য্য ধৰিব লাগিব। আমি এজন মানুহক দেখি ক’ব পাৰো যে তেখেত এজন সফল ব্যক্তি। কিন্তু এইটো ক’ব নোৱাৰো যে তেখেত এজন সুখী ব্যক্তি। কাৰণ – সুখ নিজেহে অনুভৱ কৰিব পাৰে। কেতিয়াবা মানুহ সফল হৈয়ো সুখী হ’ব নোৱাৰে। আৰু সুখী হৈয়ো সফল হ’ব নোৱাৰে। সেয়া সুখ হ’ল সফলতাৰ বাবে কৰা অসাধ্য কষ্ট, চেষ্টা, ত্যাগ আৰু ধৈৰ্য্যৰ দ্বাৰা। যদিহে এইখিনি কাম ভালদৰে কৰিছিলো বুলি নিজৰ ওপৰত আত্মবিশ্বাস থাকে। তেনেহ’লে সফল নোহোৱাকৈও সখী থাকিব পাৰি।
সংযুক্তা দত্ত।
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।