সুকুমাৰ বিশ্বাসৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া

সুকুমাৰ বিশ্বাসৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ প্ৰাক্তন সম্পাদক তথা অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ সুকুমাৰ বিশ্বাসৰ শেষ নিশা বৰপেটাস্থিত বাসভৱনত মৃত্যু হয়। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা সুকুমাৰ বিশ্বাসৰ মৃত্যুক ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি লঅভিহিত কৰিছে। ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই আজি প্ৰয়াত সুকুমাৰ বিশ্বাসৰ বৰপেটাস্থিত বাসগৃহত উপস্থিত হৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শৰ্মাই কয়, প্রয়াত সুকুমাৰ বিশ্বাসৰ ভাৰতীয় জনতা পাৰ্টি প্ৰতি থকা নিষ্ঠা আৰু সততা আৰু ত্যাগৰ মনোভাৱ অতিকৈ নিদৰ্শনীয়। আনহাতে অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্ম, অন্যান্য পিছপৰা শ্ৰেণী (OBC) মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, ৰাজ্যিক সম্পাদক জগদীশ দত্ত, মুখপাত্ৰ ৰূপম গোস্বামী, বৰপেটা জিলাৰ সভাপতি অনিল কুমাৰ দাস, বিজনীৰ বিধায়ক অজয় ৰয়, বি টি এ ডিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বি টি এ ডিৰ ই এম গৌতম দাসকে আদি কৰি ৰাজ্যিক তথা জিলা বিজেপিৰ কেইবাজনো বিষয়ববীয়াৰ লগতে দলৰ কাৰ্যকৰ্তা সকল প্ৰয়াত বিশ্বাসৰ বাসগৃহত উপস্থিত হৈ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধাজ্বলি নিবেদন কৰে।