সুকুমাৰ বিশ্বাসৰ মৃত্যুত শোক

সুকুমাৰ বিশ্বাসৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা-অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তথা ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম জোষ্ঠ কাৰ্যকৰ্তা সুকুমাৰ বিশ্বাসৰ অকাল মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী কলিতাই কয়, প্ৰয়াত সুকুমাৰ বিশ্বাসে দলৰ সাংগঠনিক ভেঁটি সবল কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। তেওঁৰ দৰে এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তাৰ বিয়োগ দলৰ বাবে অপূৰণীয় ক্ষতি। ৰাজ্যিক সভাপতি গৰাকীয়ে, প্ৰয়াত বিশ্বাসৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে। উল্লেখযোগ্য যে প্ৰয়াত সুকুমাৰ বিশ্বাস ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সম্পাদক আছিল।