সাৰ পাই উঠা হে নাৰী
হে নাৰী,
তুমি নদীৰ দৰে
বহল বিশাল।
সকলো বাধা
অতিক্ৰম কৰি
আগুৱাই যোৱা
সাগৰমুখী হৈ,
সাৰ পাই উঠা,
হে মৰমী নাৰী,
মাতৃ হৈ
ভগ্নী হৈ
প্ৰিয়তমা হৈ
প্ৰয়োজন ত দূৰ্গা
কালীৰ ৰূপ লৈ
অসুৰ বিনাশী
প্ৰতিষ্ঠা কৰা
এখন সেউজ সুন্দৰ
শান্তি ময় পৃথিৱী।
শ্ৰী ৰূপৰেখা ঠাকুৰ
দেৰগাঁও।